ইসেউজী ফাউণ্ডেচনৰ উদ্যোগত দুখীয়াৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

0
10

ইসেউজী ফাউণ্ডেচনৰ উদ্যোগত দুখীয়াৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা , নায়েৰ আলগা , ২৫ জুনঃ কেইমাহ ধৰি কোভিড ১৯ ৰ তান্ডৱত গাওঁ এলেকাৰ কিছু সংখ্যক দৰিদ্ৰ আৰু বেমাৰী লোকৰ আৰ্থিক সংকট দেখা দিছে ৷ কোভিডৰ প্ৰভাৱত পেটৰ ভাত এমুঠিৰ বাবে হাহাকাৰ কৰি থকা লোক সকলোৰ মাজত গুটিপাৰা সেউজী ফাউণ্ডেচনৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ কৰা কাৰ্যক ৰাইজে ধন্যবাদ জনায় ৷ আজি বিয়লিত গুটিপাৰাৰ উক্ত অনুষ্ঠানৰ প্ৰতিষ্ঠাপক আব্দুল মান্নান সেখে সহায়ৰ উদ্যোগ লয়৷এশ জনৰ অধিক মহিলা আৰু পুৰুষৰ মাজত আট বিধ খাদ্যৰ কিট আগবঢ়ায় ৷ তেওঁক সোধপোছ কৰাত সাংবাদিকৰ আগত কয় যে , কোনো ৰাজনৈতিক বা আনৰ সহায় নোলোৱাকৈ এই সহায় আগবঢ়োৱা হৈছে । বিতৰণ কাৰ্যত কেবাজনো সাংবাদিক উপস্থিত থাকে ৷ প্ৰত্যেক জনক এটিকৈ মাক্স বিতৰণ কৰা হয় ৷ কোভিড নিয়ম পালন কৰি অনুষ্ঠান সমপন্ন কৰা হয় ৷ সমাজ সেৱক আজিজ খান ৰাইজক বিভিন্ন দিশত সজাগতা বিষয়ে বক্তব্য আগবঢ়ায় ৷ মান্নানে আৰ্থিক , কৃষিৰ উন্নতিৰ লক্ষ্যে সজাগ কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here