কভিড যুদ্ধৰ অক্লান্ত সৈনিক , চতিয়াৰ প্ৰাগ নিউজৰ সাংবাদিক উত্তম নাথৰ অনুকৰণীয় প্ৰচেষ্টা

0
11

কভিড যুদ্ধৰ অক্লান্ত সৈনিক , চতিয়াৰ প্ৰাগ নিউজৰ সাংবাদিক উত্তম নাথৰ অনুকৰণীয় প্ৰচেষ্টা

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৩ জুনঃ চৌদিশে এতিয়া কৰণাৰ সন্ত্ৰাস । চাৰিওফালে মাথো দুঃ সংবাদ । আৰু এনে সংবাদ সংগ্ৰহৰ বাবে নিজৰ জীবনকো তুচ্ছ কৰি নিজ কৰ্ম সম্পাদন কৰি গৈছে ভিন্ন প্ৰান্তৰ সাংবাদিক সকলে । কিন্তু নিজ কৰ্ম সম্পাদনৰ সমান্তৰালকৈ দুই এজন ব্ৰতী হৈ পৰিছে মানব সেৱাত । মানৱজাতিৰ এই সংকট কালত নিজৰ জীৱনৰ কথা চিন্তা নকৰি এইসকল জঁপিয়াই পৰিছে কৰোণাৰ বিৰুদ্ধে যুজখনত । তেনে এক সাহসী অক্লান্ত সৈনিক হৈছে চতিয়াৰ প্ৰাগ নিউজৰ চতিয়াৰ সাংবাদিক উত্তম নাথ । কথাত এই যুঁজৰ এগৰাকী সমুখ সমৰৰ সৈনিক সাংবাদিক উত্তম নাথ । সাংবাদিকো যে এই অদৃশ্য বীজাণুৰ যুঁজখনত সৈনিক হ’ব পাৰে , ক’ভিড আক্ৰান্তৰ বাবে এক সাহস হ’ব পাৰে , কিম্বা পৰিৱেশ নিকাকৰণ কৰ্মী হ’ব পাৰে । তাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে চতিয়াৰ প্ৰাগ নিউজৰ সাংবাদিক উত্তম নাথে । মহামাৰীৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবৰ কাৰণে , যুঁজ দিবৰ কাৰণে বিভিন্ন ধৰণে সহায় আগবঢ়াই আহিছে । পিঠিত স্প্ৰে মেচিন লৈ কণ্টেইনমেন জ’ন , ভেকচিন চেন্টাৰ , চিকিৎসিলয়ৰ লগতে বিভিন্ন স্থানত চেনিটাইজ কৰাৰ লগতে ৰাইজৰ মাজত মাস্ক , চাবোন আৰু চেনিটাইজাৰ বিতৰণ কৰে এইজন কভিড যোদ্ধাই । অকল সেয়াই নহয় , ক’ভিড ৰোগীৰ মৃত্যু হলে তেওৰ সৎকাৰৰ সকলো ব্যৱস্থা কৰে প্ৰাগ নিউজৰ এইজন যোদ্ধাই । উত্তমৰ এনে কাৰ্যক ৰাইজৰ লগতে শলাগ লৈছে জিলা প্ৰশাসনৰ লোকে । যি সময়ত নিজৰ প্ৰানক লৈ শংকাত ভুগিছে প্ৰতিজন লোক , তেনে এক সময়তে সাংবাদিক উত্তম নাথৰ এনে প্ৰচেষ্টাক সকলোৱে প্ৰসংশা কৰিছে একেমুখে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here