খোৱা পানীৰ বাবে ৰদ বৰষুণৰ মাজতো শাৰী পাতিবলগীয়া হয় ভাৰত-ভূটান সীমান্তৰ এটা অঞ্চলৰ লোক

0
10

খোৱা পানীৰ বাবে ৰদ বৰষুণৰ মাজতো শাৰী পাতিবলগীয়া হয় ভাৰত-ভূটান সীমান্তৰ এটা অঞ্চলৰ লোক

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক , তামুলপুৰ , ২৯ জুনঃ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ পানীটেঙ্কীত খোৱা পানীৰ বাবে ৰদ বৰষুণৰ মাজতো শাৰী পাতি থাকিব লগীয়া হয় লোকসকল । স্থানীয় লোক সকলে জানিব দিয়া অনুসৰি , অঞ্চলটোত কুৱা খান্দিলেও পানী শুকাই যায় আৰু লক্ষাধিক টকা ব্যয়ৰে বুৰিং কৰিবলৈ অসমৰ্থ তেওঁলোক । যাৰ ফলত প্ৰতি দিনে দিন হাজিৰা কৰি খোৱা লোকসকল এনেদৰে এমইএছ য়ে যোগান ধৰা পানীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় । জানিব পৰা মতে , নিশা ১২ বজালৈ অঞ্চলটোৰ লোক সকলক পানী যোগান ধৰে এমইএছ । অঞ্চলটোৰ প্ৰায় পাচ -ছখন গাঁৱৰ মানুহে এমইএছৰ সামান্য নলৰে যোগান ধৰা পানী খাই বছৰ বছৰ ধৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । সেয়ে স্থানীয় লোক সকলে উক্ত অঞ্চলত খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here