গোলাঘাটত তিনিদিনীয়া লক্‌ডাউনৰ ফলশ্ৰুতিত নষ্ট ফলমূল,ব্যৱসায়ীৰ মাজত হাহাকাৰ

0
7

গোলাঘাটত তিনিদিনীয়া লক্‌ডাউনৰ ফলশ্ৰুতিত নষ্ট ফলমূল,ব্যৱসায়ীৰ মাজত হাহাকাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাট , ১৬ জুলাই : দৈনন্দীন বৰ্ধিত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰা তিনিদিনীয়া বন্ধৰ ফলস্বৰুপে ধাৰাশায়ী হৈছে ফলমূলৰ ব্যৱসায়ীসকলে ৷ তেঁওলোকৰ মতে , হঠাতে কৰা প্ৰথমে দুদিনীয়া আৰু পিচলৈ বঢ়োৱা এদিনীয়া সমগ্ৰ জিলা লক্‌ডাউনৰ ফলস্বৰুপে ১৫ ৰ পৰা ২০-২৫ কেজিলৈকে নষ্ট হয় নাচপতি, আপেল আঙুৰ আৰু কলকে ধৰি বিভিন্ন ফলমূল ৷ অৱশ্যে এই অৱস্থা কেৱল ফলমূলৰ ব্যৱসায়ীসকলৰে নহয় ৷ বৰঞ্চ শাক পাচলী বেপাৰীসকলৰো একে দৰেই বহু কেজিয়ে কেজি বহু শাক পাচলিৰ উক্ত লক্‌ডাউনৰ বাবে নষ্ট হোৱা বুলি উপায়হীন ব্যৱসায়ীসকলে জানিবলৈ দিয়ে ৷ গতিকে , এইসমূহ ক্ষেত্ৰত চৰকাৰখনে পৰৱৰ্তী সময়ত কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি সমস্যা সমূহ সমাধান কৰিব,সময়তহে লক্ষ্যনীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here