গোলাঘাট গেলাবিলত নদীৰ গড়া খহনীয়াত বিধ্বস্ত কৃষি কেন্দ্ৰীক গঞা ৰাইজৰ সপোন

0
6

গোলাঘাট গেলাবিলত নদীৰ গড়া খহনীয়াত বিধ্বস্ত কৃষি কেন্দ্ৰীক গঞা ৰাইজৰ সপোন

দুৰ্ণীতিৰ দৰ্পণ সেৱা , বিনোদ কুমাৰ নাথ , গোলাঘাটৰ প্ৰতিবেদন , ১১ জুনঃ গোলাঘাট জিলাৰ অন্তৰ্গত গেলাবিল নদীৰ খহনীয়াত নষ্ট হৈছে বিঘাই বিঘাই ৰাইজৰ কৃষি ভূমি ৷ ফলস্বৰুপে ৰাইজ হতাশাত ভূগিব লগা হৈছে তথা নিৰাপট্টাৰ প্ৰশ্নত জৰ্জৰিত দৃষ্টি গোচৰ হৈছে ৷ বাৰিষা আৰম্ভ নৌহওতেই খহনীয়াত জাহ গৈছে বৃহৎ সংখ্যক কৃষি ভূমি ৷ গতিকে , বাৰিষাৰ নদীৰ পানী বাঢ়িলে কি অৱস্থা হব , চিন্তামূৰত পানী ল’ব লগা অৱস্থা স্থানীয় ৰাইজৰ ৷ সেয়ে উক্ত সমস্যাটিৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাক এবাৰ হ’লেও উক্ত স্থান পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে সমস্যা ৰাজীৰ সমাধানৰ দিশত পদক্ষেপ লোৱাৰ বাবে আহ্বান ভুক্তভুগী জনতাৰ ৷ স্থানীয় ৰাইজৰ অভিজোগ যে , বহুবাৰ স্থানীয় বিধায়ক তথা চৰকাৰী পক্ষলৈ বহুবাৰ ৰাইজৰ অনুৰোধৰ পিছতো খহনীয়া ৰোধৰ বাবে এতিয়ালৈকে লোৱা নহ’ল কোনোধৰণৰ খহনীয়া ৰোধৰ নিমিত্তে উদ্যোগ ৷ এই দৃশ্যৰাজী গোলাঘাটৰ দাধৰা , ৰঙামাটি , শেনচোঁৱা আদি গ্ৰাম্যাঞ্চলৰ । স্থানীয় ৰাইজ দল সংগঠনৰ ক্ষোভ খুমটাই বিধায়ক মৃণাল শইকীয়া আৰু বোকাখাতৰ বিধায়ক অতুল বৰাৰ মৌনতাক লৈ ৷ নিৰ্বাচনৰ আগতে জনপ্ৰতিনিধি আহি বিভিন্ন উন্নয়ণ তথা সমস্যাৰাজী ৰোধৰ নিমিত্তে তথা বিভিন্ন সমস্যাৰাজীৰ সমাধান কৰাক লৈ আশ্বাসৰ ফুলঝাৰী চটিয়াই ভোট ভিক্ষা কৰে ৷ পিচে আজি পৰ্য্যন্ত সমাধান কৰা দেখা ন’গল ৰাইজৰ এই জলন্ত সমস্যা ৷ সেয়ে স্থানীয় ৰাইজে পুণৰ আহ্বান জনাই জলসম্পদ মন্ত্ৰী গৰাকীক যে , এবাৰ আহি সমস্যাটিৰ বোজ লৈ এটা স্থায়ী সমাধান কৰি দিয়ে যেন ৷ গতিকে , পৰৱৰ্তী ক্ষেত্ৰত উন্নয়নৰ ধোল বজোৱা চৰকাৰখনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব , সেইয়াহে দৰ্শনীয় হ’ব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here