চিলাপথাৰত মালবাহী এপে আৰু যাত্ৰীবাহী মেজিক গাড়ী সন্থাৰ মাজত সংঘাত , থানাত এজাহাৰ দাখিল

0
9

চিলাপথাৰত মালবাহী এপে আৰু যাত্ৰীবাহী মেজিক গাড়ী সন্থাৰ মাজত সংঘাত , থানাত এজাহাৰ দাখিল

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ , ধেমাজি , ১৫ জুনঃ ধেমাজি জিলাৰ বাণিজ্যিক পাম হিচাপে খ্যাত চিলাপথাৰত মাল কঢ়িওৱা এপে গাড়ী আৰু যাত্ৰীবাহী মেজিক সন্থাৰ মাজত সৃষ্টি হৈছে ব্যৱসায়ীক সংঘাত । প্ৰাপ্ত তথ্য অনুসৰি , আজি এ’পে টেণ্ডৰ হৈ দীপাংকৰ শইকীয়াৰ স্বাক্ষৰ সম্বলিত এখন এজাহাৰ চিলাপথাৰ থানাত দাখিল কৰিছে । জানিব পৰা অনুসৰি , চিলাপথাৰৰ একাংশ যাত্ৰীবাহী মেজিকে যাত্ৰীৰ লগতে গেলামালৰ সামগ্ৰী,হাৰ্ডৱেৰ সামগ্ৰী কঢ়িওৱাবলৈ আৰম্ভ কৰাত মালবাহী এপে চালক সকলৰ ভাড়া হেৰাই গৈছে ফলশ্ৰুতিত তেওলোকৰ ব্যৱসায়ীক লোকচানৰ সমান্তৰাল ভাৱে গাড়ীৰ কিস্তি দিবলৈও নোৱাৰা হৈছে বুলি অভিযোগ দাখিল কৰি এইক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আইনৰ কাষ চপা বুলি জানিবলৈ দিছে । আনহাতে , তেওলোকে জানিবলৈ দিয়া অনুসৰি পূৰ্বতেই এইক্ষেত্ৰত জিলা উপায়ুক্তৰ ওচৰত এনে অভিযোগ দাখিল কৰিছিল আৰু চুক্তি অনুসৰি মেজিক চালক সকলে মাল কঢ়িওৱা কথা নাছিল যদিও পুনৰ এই কায্যত লিপ্ত হৈ মালবাহী চালক সকলক বিপদত পেলোৱা বুলি জানিবলৈ দিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here