জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত বিধায়ক পদ্ম হাজৰিকাই একাংশ দৰিদ্ৰ মহিলাৰ মাজত বিতৰণ কৰে উন্নত তাতঁশাল

0
8

জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত বিধায়ক পদ্ম হাজৰিকাই একাংশ দৰিদ্ৰ মহিলাৰ মাজত বিতৰণ কৰে উন্নত তাতঁশাল

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ১৯ জুনঃ স্বনিভৰ্শীল নাৰী আত্মনিৰ্ভশীল অসম শ্লো-গানেৰে আজি শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ডৰ কাৰ্য্যালয়ত একাংশ দৰিদ্ৰ মহিলাৰ মাজত বিতঁৰণ কৰা হয় উন্নত তাতঁশাল ৷ তাতঁশাল বিতঁৰণ কৰি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই কয়-সমষ্টিটোৰ কেইবাখনো গাওঁ যোৱা সময়চোৱাত আদৰ্শ গাওঁ হিচাপে প্ৰতিষ্ঠা কৰাৰ পাচত উক্ত গাওঁ সমুহৰ মহিলা সকলক গৰু, ছাগলী, হাহঁ কুকুৰা পালনৰ লগতে মসৎ উৎপাদনৰ ব্যৱস্থা কৰা হৈছিল ৷ সম্প্ৰতি মহিলা সকলৰ মাজত তাতঁশাল বিতঁৰণ কৰিছো ৷ এই তাতঁশালৰ জৰিয়তে মহিলা সকল আত্মনিৰ্ভশীল হোৱাত সহায়ক হব বুলিও মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ মহিলা সকলৰ হাত শক্তিশালী হলে সমাজো শক্তিশালী হব বুলি মন্তৱ্য কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ কভিড প্ৰটকল মানি মহিলা সকলক তাতঁশাল বিতঁৰন কৰা এই অনুষ্ঠানত নদুৱাৰ খণ্ড উন্নয়ন বিষয়া পলক শৰ্মা , নদুৱাৰ মণ্ডল বিজেপিৰ সভাপতি জয়ন্ত বৰা, নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েঙ উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here