“নেচাৰ ৰিভাইভেল ছ’চাইটি” আত্মপ্ৰকাশ , মেছাগড়ত ঐতিহ্য গৱেষণা কেন্দ্ৰ আৰু গ্ৰন্থাগাৰ স্থাপনৰ প্ৰস্তুতি

0
21

“নেচাৰ ৰিভাইভেল ছ’চাইটি” আত্মপ্ৰকাশ , মেছাগড়ত ঐতিহ্য গৱেষণা কেন্দ্ৰ আৰু গ্ৰন্থাগাৰ স্থাপনৰ প্ৰস্তুতি

দুৰ্নীতিৰ দৰ্পণ সেৱা , নাজিৰা , নয়নমণি ফুকন, ১৫ জুলাই : শিৱসাগৰ জিলাৰ মেছাগড়ত অলপতে অনুস্থিত এক গাম্ভীৰ্য্যপুৰ্ণ অনুষ্ঠানৰ মাজেৰে “নেচাৰ ৰিভাইভেল ছ’চাইটি” নামৰ এক সামাজিক অনুষ্ঠানৰ আত্মপ্ৰকাশ ঘটে । বৃহত্তৰ মেছাগড়ৰ উপৰি সামগ্ৰীক ভাবে ৰাজ‍্যখনৰ সামাজিক,অৰ্থনৈতিক,বৌদ্ধিক বিকাশ সাধনৰ সহায়ক হোৱাকৈ এক বিস্তৃত কৰ্ম আঁচনিৰে অগ্ৰসৰ হৈছে সামাজিক সংগঠনটোৱে । এই উদ্দেশ্য মেছাগড় আমকটীয়া গোহাঁই গাঁৱৰ বীৰাঙ্গনা মুলাগাভৰু বিদ‍্যালয়ত কভিদ প্ৰটকল মানি অনুস্থিত হোৱা এক সভাত সামাজিক সংগঠনটোৰ মুল উদ‍্যোগতা ডঃ ৰুবুল বুঢ়াগোহাঁই আৰু ডঃ নৱজ‍্যোতি বড়াই ইয়াৰ লক্ষ্য- উদ্দেশ্য সম্পৰ্কে বিস্তৃত ব‍্যাখ‍্যা আগবঢ়ায় । সমাজসেৱী নবীন বৰগোহাঞিৰ সভাপতিত্বত অনুস্থিত এই অনুষ্ঠানত দুয়োগৰাকী উদ‍্যোগতাই সংগঠনটোৱে গ্ৰহণ কৰা পদক্ষেপ অনুসৰি শিক্ষানুষ্ঠানৰ পৰিবেশ সেউজীকৰণৰ উদ্দেশ্যে “মোমাই তামুলী বৰুৱা সেউজ আঁচনি “ৰূপায়ণ কৰাৰ লগতে এই ঐতিহ্য গৱেষণা কেন্দ্ৰ আৰু কথাশিল্পী হোমেন বৰগোহাঞি গ্ৰন্থাগাৰ আৰু সংগ্ৰাহালয় স্থাপনৰ বিষয়ে সদৰী কৰে । সভাত সমাজসেৱী থানু বৰগোহাঞি,দিগন্ত বৰগোহাঞি,কেশৱ বৰগোহাঞি উপস্থিত আছিল । এই অনুষ্ঠানতে পৰিস্মিতা বুঢ়াগোহাঁই,বিবেকা বৰগোহাঞি,চুচন বৰগোহাঞিক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰয়াত শিক্ষয়িত্ৰী দেৱবালা বৰগোহাঞি আৰু স্বৰ্ণ বৰগোহাঞি সোঁৱৰাণিত গছপুলি ৰোপণ কৰা হয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here