পাকাবেতবাৰী শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ খান্দাৰকুৰ অংগনৱাড়ী কেন্দ্ৰত শিশু ছাত্ৰ-ছাত্ৰীৰ মাজত ইউনিফৰ্ম বিতৰণ

0
9

পাকাবেতবাৰী শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ খান্দাৰকুৰ অংগনৱাড়ী কেন্দ্ৰত শিশু ছাত্ৰ-ছাত্ৰীৰ মাজত ইউনিফৰ্ম বিতৰণ

দুৰ্নীতিৰ দৰ্পণ , হাউলী , ষ্টাফ ৰিপৰ্টাৰ , মনজিৎ দাস , ২৮ জুনঃ বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধান সভা সমষ্টি তথা পাকাবেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৬৬ নং খান্দাৰকুৰ গাওঁ অংগনৱাড়ী কেন্দ্ৰত কালি ১৮৩ গৰাকী কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত ইউনিফৰ্ম বিতৰণ কৰা হয় । উল্লেখ্য যে, কেন্দ্ৰটোৰ কৰ্মী মুঞ্জুৱাৰা আহমেদ , পাকাবেতবাৰী জাগৰণ জাতীয় বিদ্যালয়ৰ সহ:শিক্ষক,সাংবাদিক তথা কেন্দ্ৰটোৰ পৰিচালনা সমিতিৰ সদস্য ৰহমত আলী , খান্দাৰকুৰ আৰু কেওঁটপাৰা গাঁওৰ গাঁওবুঢ়া ৰহিম আলী , স্থানীয় ৮ নং ৱাৰ্ডৰ প্ৰাক্তন সদস্য ৰেজ্জাক আলী , সমাজকৰ্মী ৰফিকুল দেৱান,ছাইফুল ইছলাম, সামাৰ্থভানু আদিকে কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ইউনিফৰ্মসমূহ বিতৰণ কৰা হয় । খান্দাৰকুৰ গাঁৱৰ অংগনৱাড়ী কেন্দ্ৰটোৰ কৰ্মী মুঞ্জুৱাৰা আহমেদে সুচাৰুৰূপে ইউনিফৰ্ম বিতৰণ কৰা কাৰ্যক ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here