বৰপেটা মহকুমা অনুসুচীত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি প্ৰাণজিৎ ৰায়ৰ জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ শুভাৰম্ভ

0
7

বৰপেটা মহকুমা অনুসুচীত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি প্ৰাণজিৎ ৰায়ৰ জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ শুভাৰম্ভ

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ , হাউলী , ১৬ জুলাইঃ বৰপেটা সদৰ গান্ধীনগৰস্থিত বৰপেটা মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ত আজি বৰপেটা মহকুমা অনুসূচীত জাতি উন্নয়ন বোৰ্ডৰ সভাপতি প্ৰাণজিৎ কুমাৰ ৰায়ে অনুসূচীত জাতিৰ লোকৰ মাজত জাতিৰ প্ৰমাণ পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰে । উল্লেখ্য যে, বিগত প্ৰায় দুটা বছৰ উন্নয়ন বোৰ্ডখন বন্ধ হৈ আছিল। পিছে বিজেপি চৰকাৰে গঠণ কৰি দিয়া বোৰ্ডখনে এইবেলি বিগত ছয়মাহ পূৰ্ৱে কাৰ্যভাৰ গ্ৰহন কৰে যদিও আজিৰ পৰাহে জাতিৰ প্ৰমাণ পত্ৰ দিয়া আৰম্ভ কৰে । উল্লেখ্য যে,বিগত প্ৰায় দুটা বছৰে উন্নয়ন বোৰ্ডখন বন্ধ হৈ থকাত অনুসূচীত জাতিৰ লোকে জাতিৰ প্ৰমাণ পত্ৰ প্ৰাপ্যৰ ক্ষেত্ৰত ভীষন অসুবিধাত ভূগিবলগীয়া হৈছিল যদিও এতিয়াৰ পৰা এই সমস্যাত আৰু ভূগিব নালাগে বুলি বোৰ্ডৰ সভাপতি গৰাকীয়ে জানিবলৈ দিয়ে । আজি ৰাইজৰ মাজত প্ৰমাণ পত্ৰ দিয়াৰ সময়ত বৰপেটা জিলা বিজেপিৰ অনুসূচীত জাতিৰ সভাপতি ৰামকৃষ্ণ সূত্ৰধৰ আৰু সংবাদসেৱী জিলমোহন ৰায়ৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনাগত দিনত যাতে সুচাৰুৰূপে বোৰ্ডৰ কাৰ্যভাৰ চলাই নিব পাৰে , তাৰ বাবে সমূহ অনুসূচীত জাতিৰ লোকৰ সহায়-সহযোগিতা কামনা কৰিছে । স্মৰ্তব্য যে,যোৱা ২৪ ফেব্ৰুৱাৰীত অতিৰিক্ত উপায়ুক্ত ৰাজীৱ কুমাৰ দাস,বোৰ্ডৰ সদস্য ভট্টদেৱ দাস,কাৰ্যালয়ৰ আৰ.অ.অখিল দাস , অংকুৰ পাঠক আদি কৰি কেইবাজনো বিষয়ববীয়াৰ উপস্থিতিত টিনপাট,ফিল্টাৰ আদি বিতৰণৰ শুভাৰম্ভ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here