মন্দিয়া আঞ্চলিক প্ৰেছ ক্লাবৰ উদ্যোগত আৰু মন্দিয়া আৰক্ষী চকীৰ সহযোগত মাস্ক বিতৰণ

0
8

মন্দিয়া আঞ্চলিক প্ৰেছ ক্লাবৰ উদ্যোগত আৰু মন্দিয়া আৰক্ষী চকীৰ সহযোগত মাস্ক বিতৰণ

দুৰ্নীতিৰ দৰ্পণ সেৱা, মকিবুল ইছলাম , মন্দিয়া , ১২ জুলাই : মহামাৰী কভি’ড ১৯ কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ভেকচিন ল‌ওক, মাস্ক ব্যৱহাৰ কৰক, সামাজিক দূৰত্ব বজাই ৰাখক, সঘনাই হাত ধোৱক আদি আহ্বান জনাই বাঘবৰ সমষ্টিৰ দুৱাৰ ‌‌‌মূখ মন্দিয়া বজাৰত মাস্ক বিতৰণ কাৰ্যসূচী পালন কৰা হয় । উল্লেখ্য যে , মন্দিয়া আঞ্চলিক প্ৰেছ ক্লাবৰ উদ্যোগত আৰু মন্দিয়া আৰক্ষী চকীৰ সহযোগত অনুষ্ঠিত উক্ত মাস্ক বিতৰণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে অসমীয়া খবৰ কাকতৰ মন্দিয়াৰ প্ৰাক্তন স্হানীয় সংবাদ দাতা, মন্দিয়া আঞ্চলিক প্ৰেছ ক্লাবৰ উপদেষ্টা তথা বিশিষ্ট শিক্ষাবিদ মোল্লা মোশ্বাৰৰফ হুছেইনে । আজি পুৱা ৯ বজাৰ পৰা আবেলি ১ বজালৈকে অনুষ্ঠিত উক্ত কাৰ্যসূচীৰ জৰিয়তে হেজাৰোধিক ৰাইজৰ মাজত মাস্ক বিতৰণ কৰা হয় , লগতে ক’ৰোণা ভাইৰাছৰ পৰা হাত সাৰিবলৈ ভেকচিন লোৱাটো অতি জৰুৰী আৰু ভেকচিন সন্দৰ্ভত ওলোৱা ভুৱা প্ৰচাৰত ৰাইজক ভোল নাযাবলৈ মন্দিয়া আঞ্চলিক প্ৰেছ ক্লাবৰ সদস্য সকলে মাইকৰ জৰিয়তে প্ৰচাৰ কৰে । উক্ত অনুষ্ঠানত মন্দিয়া অঞ্চলৰ বিশিষ্ট সমাজ কৰ্মী , ইন্তাজ আলী চৌধুৰী (মণ্ডল),মন্দিয়া প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ছবি মালাকাৰ (পাঠক),মন্দিয়া আঞ্চলিক প্ৰেছ ক্লাবৰ উপদেষ্টা তথা শ্ৰীমন্ত শংকৰ মাধব কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা সামেজ উদ্দিন আহমেদ , মন্দিয়া আঞ্চলিক প্ৰেছ ক্লাবৰ সভাপতি মণিৰ উদ্দিন মোল্লা , উপ-সভাপতি নিয়ামত আলী,সম্পাদক দেবান নুৰজামাল ইছলাম,সদস্য সকল ক্ৰমে ইব্ৰাহিম খলিল,মকিবুল ইছলাম, আব্দুল আজিজ আহমেদ,শ্বহিদুল ইছলাম আদি উপস্থিত থাকে । মন্দিয়া আঞ্চলিক প্ৰেছ ক্লাব আৰু মন্দিয়া আৰক্ষীৰ এনে কাৰ্যক স্হানীয় ৰাইজে প্ৰশংসা কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here