মায়াৰ চৰত ব্ৰক্ষপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ পাৰকু নিৰ্মাণ সম্পন্ন , শ শ পৰিয়ালৰ স্বস্তিৰ নিশ্বাস

0
7

মায়াৰ চৰত ব্ৰক্ষপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ পাৰকু নিৰ্মাণ সম্পন্ন , শ শ পৰিয়ালৰ স্বস্তিৰ নিশ্বাস

দুৰ্নীতিৰ দৰ্পণ সেৱা , হজৰত আলী , নায়েৰ আলগা , ১০ জুনঃ মহাবাহু ব্ৰক্ষপুত্ৰ নদী পুৱা পশ্চিমাকৈ মায়াৰ চৰ গাওঁ পঞ্চায়তৰ মাজেৰে পশ্চিম দিশলৈ বৈছে ৷ নদীৰ উত্তৰ পাৰৰ অহা-যোৱা কৰা কেবা বছৰত কেবা শ শ পৰিয়াল কেইখন স্থায়ী গাওঁ নিশ্বঃ চিহ্ন কৰিছে ৷ উক্ত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে আক্ৰান্ত ৰাইজে বিধায়ক , সাংসদ জনক আবেদন নিবেদন কৰি আহিছে ৷ যদিও কোনো জন প্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি ৰক্ষা নকৰি ভোট লৈ নিজৰ স্বাৰ্থ ৰক্ষা কৰি আহিছে ৷ এই বছৰ ধুবুৰী জিলা পৰিষদৰ জৰিয়তে নায়েৰ আলগা আঞ্চলিক সভানেত্ৰীৰ পত্নী ঠিকাদাৰ মোছলেম উদ্দিনৰ প্ৰযত্নত কেবা কোটি টকা প্ৰতিৰোধৰ নামত মুকলি কৰা হয় ৷ উক্ত টকাৰে ছিমেন্টৰ খুটাৰে পাৰকুইপান নিৰ্মাণ সম্পন্ন কৰা হয় ৷ মায়াৰ চৰ প্ৰথম খণ্ড ঘুনীমাৰী , শাইলধাৰা , বাক পাৰা আদি কেবাখনো গাও সামৰি প্ৰায় শতাধিক ১০ টাৰ পৰা ২০০ টাকৈ পিলাৰৰ বান্ধ নিৰ্মাণ কৰা হয় ৷ প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্য্যৰ এই পাৰকু নিৰ্মাণ কৰিছে ৷ উক্ত পাৰকুইপানৰ বাবে শ শ বিঘা আবাদী খেতিয়ক উপকৃত হব বুলি ৰাইজে জনায় ৷ এনে পাৰকুইপান ৫০ বছৰেও হোৱা নাছিল বুলিও ৰাইজে কয় ৷ এই কামত ৰাইজে স্বস্তিৰ নিস্বাশ পেলাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here