মৰিগাঁৱত কলং কপিলীৰ ভয়াবহ খহনীয়া , গোনামাৰা গাঁৱৰ ১২ পৰিয়ালৰ ভেটি মাটি জাহ গ’ল কলঙৰ বুকুত , ১৫ খন গাঁৱৰ গঞাঁবাসী আতংকিত , জৰাজীৰ্ণ মথাউৰি : ৪ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা

0
16

মৰিগাঁৱত কলং কপিলীৰ ভয়াবহ খহনীয়া , গোনামাৰা গাঁৱৰ ১২ পৰিয়ালৰ ভেটি মাটি জাহ গ’ল কলঙৰ বুকুত , ১৫ খন গাঁৱৰ গঞাঁবাসী আতংকিত , জৰাজীৰ্ণ মথাউৰি : ৪ লক্ষাধিক লোক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ৮ জুলাই : মধ্য অসমৰ অনুসূচিত জাতি-জনগোষ্ঠীয় বসতিপূৰ্ণ এলেকাৰ বিভিন্ন অঞ্চলত হোৱা কলং কপিলীৰ ভয়াবহ খহনীয়াই অঞ্চল সমূহত ব্যাপক ভাৱে আতংকৰ সৃষ্টি কৰিছে । মৰিগাঁও জিলাৰ অন্তৰ্গত কলং কপিলী নৈ পৰীয়া জনবসতি অঞ্চল সমূহত খহনীয়াত বহু কেইটা পৰিয়ালৰ বাসস্থান নৈৰ বুকুত জাহ যোৱাত এতিয়া উজাগৰে দিন ৰাতি কটাবলগীয়া হৈছে প্ৰায় চাৰি লক্ষাধিক লোকে । মৰিগাঁৱৰ কলং কপিলী নৈৰ এই ভয়াবহ গৰাখহনীয়াত তিৱা জনগোষ্ঠীয় সংস্কৃতিৰ বিশেষকৈ উষা বৰত উৎসৱৰ পৃষ্ঠভূমি তেতেলীয়া পাহাৰৰ পাদদেশত অৱস্থিত বৰদল,জুৰগাঁও,হাতীহুলং,পদুম পুখুৰী,পদুমনি, মেৰুৱাগাঁও, দিকছাং, চনুৱাবৰি, গড়কটাবৰি, মান্তাবৰি, পচলাঘাট, শিলভেটাকে ধৰি প্ৰায় ১৫ খন গাঁৱৰ স্থায়ী বাসিন্দা সকলে দিনে নিশাই আতংকৰ মাজেৰে উজাগৰে কটাবলগীয়া এক ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈছে । মৰিগাঁও চহৰৰ মাজ মজিয়াৰ পৰা মাত্ৰ ৬-৭ কিলোমিটাৰ নিলগৰ ভিতৰুৱা অঞ্চল সমূহ বিছিন্ন হৈ থকাত অনুসূচিত জনজাতি(বিশেষকৈ তিৱা) আৰু অনুসূচিত জাতিৰ খিলঞ্জীয়া লোক সকলৰ আৱাস ভূমি অঞ্চল বোৰৰ গৰাখহনীয়াৰ দৰে জীৱন মৰণৰ সমস্যাটো অদ্যপি পোহৰলৈ অহা নাই । সেই অঞ্চল সমূহত কলং কপিলীৰ দৰে খৰস্ৰোতা নৈ দুখনে বিধ্বংসী ৰূপত গড়া খহাই বাসিন্দা সকলৰ টোপনি হৰণ কৰিছে । কলং নৈয়ে বৰদলৰ পৰা কলং কপিলীৰ সংঘমস্থল দুইসুঁতি মুখলৈ প্ৰায় দুই কিলোমিটাৰ জুৰি খহনীয়া অব্যাহত ৰাখিছে । লগতে দুইসূঁতি মুখৰ পৰা দিকচাং ৰেলৰ দলং পাৰ হৈ শিলভেটালৈ ৪ কিলোমিটাৰৰ অধিক ঠাইত তমোময় ৰূপত গড়া খহাই আছে কপিলী নৈয়ে । উল্লেখ্য যে- মধ্য অসমৰ তিৱা জনগোষ্ঠীয় অঞ্চলত কলং কপিলীৰ বান-গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কেইবাযুগৰ আগতে নিৰ্মাণ হোৱা মথাউৰিটোৱে বৰ্তমান জৰাজীৰ্ণ ৰূপ পৰিগ্ৰহ কৰিছে । বিশেষকৈ ডকাজান,শিঙিমাৰি,দুইসূঁতি মুখত খহনীয়াই এনে ভয়ানক ৰূপ লৈছে যে মথাউৰি খহাবলৈ দহফুটৰ অধিক দূৰত্ব নাই । ইফালে , জুৰগাঁও,মেৰুৱাগাঁও, পদুম পুখুৰীৰ কলংবান্ধটো ইমানেই দুৰ্বল হৈছে যে এইবেলি সামান্য বান হ’লেই কলঙে উটুৱাই নিয়াৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে । ইয়াৰ ফলত নগাঁও জিলাৰ পশ্চিমাঞ্চল আৰু মৰিগাঁও জিলাৰ দক্ষিণাংশৰ বৃহৎ এলেকা বানৰ কবলত পৰাৰ আতংকত ভুগিছে কলং কপিলীৰ নৈৰ পৰীয়া বাসিন্দা সকলে । তাৎপৰ্যপূৰ্ণ বিষয় যে-জিলা খনৰ এজাৰবাৰী, বঘৰা, উত্তৰ ধৰমতুল, তেলাহী, আহঁতগুৰি, চহৰী, মনিপুৰীয়াটুপ, জৰাবাৰী,বাৰপূজীয়া আদি পঞ্চায়ত বানৰ কবলত পৰাৰ লগতে নগাঁও জিলাৰ ৰহা নগৰকো এই বানে বুৰাই পেলোৱাৰ সম্ভাৱনা আছে । তাৰোপৰি এই দুৰ্বল কলং বান্ধটোৱে মৰিগাঁও নগৰকে ধৰি বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে । বৰ্তমান প্ৰতিৰোধৰ সাক্ষী হৈ থকা জৰাজীৰ্ণ মথাউৰিটো নিৰ্মাণ আৰু মেৰামতি সন্দৰ্ভত বৰদল অঞ্চলৰ জ্যেষ্ঠ লোকসকলে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে-এই জৰাজীৰ্ণ মথাউৰিটো প্ৰায় ৫০ বছৰৰ পূৰ্বে নিৰ্মাণ হৈছিল । দহ বছৰ মান আগতে তেলাহী,ধৰমতুলত সামান্য মেৰামতিৰ বাহিৰে চৰকাৰে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । ক্ষোভ আৰু আতংকত দিন ৰাতি পাৰ কৰা জুৰগাঁও, মেৰুৱাগাঁও, পদুম পুখুৰীৰ লগতে কেইবাখনো গাঁৱৰ স্থানীয় লোকে ভগ্নপ্ৰায় মথাউৰিটো অনতিপলমে মেৰামতি কৰি এইবছৰ বাসিন্দা সকলক উদ্ধাৰ কৰাৰ লগতে গড়াখহনীয়া বান প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক আগবাঢ়ি আহিবলৈ দাবী জনাইছে । তিৱা পৰিষদীয় এলেকাৰ তেতেলীয়া সমষ্টিৰ প্ৰতিনিধি তথা তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য খগেন চন্দ্ৰ বৰদলৈয়ে বান-গৰাখহনীয়া সমস্যাটোৰ ভয়াবহতা স্বীকাৰ কৰি কয় যে-এই খহনীয়াত ইতিমধ্যে বহু কেইটা পৰিয়ালৰ বাসস্থান নৈত জাহ গৈছে । বৰ্তমান সময়তো পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অঞ্চল সমূহত বসবাস কৰা বাসিন্দা সকলে আতংকৰ মাজেৰে দিন কটাইছে । অসম চৰকাৰৰ জলসম্পদ বিভাগে পৰিকল্পিত আচঁনি ল’লেহে এই অঞ্চল সমূহৰ বান গড়াখহনীয়া সমস্যাটোৰ স্থায়ী সমাধান হ’ব বুলি তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য গৰাকীয়ে স্থানীয় সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । আনহাতে , মৰিগাঁও জিলাৰ অন্যতম ঐশ্বৰ্যশালী , শস্য মৎস্যৰে ভৰা সম্পদশালী প্ৰায় ৩০০ গৃহস্থীৰ গাঁও হৈছে গোনামাৰা । এই গাঁও খনৰ বাসিন্দাই এজাৰবাৰী হাইস্কুল,এম ই স্কুল,বঘৰা সমবায়, পঞ্চায়তকে ধৰি ১২ টা অনুষ্ঠানলৈ ভূমিদান কৰিছে । বৰ্তমান এই গাঁওখনৰ একাধিক নামঘৰকে ধৰি ১২ ঘৰ গৃহস্থীৰ ভেটি মাটি, বাসগৃহ ইতিমধ্যে কলঙৰ বুকুত জাহ যোৱাত অন্য ঠাইত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । কলঙৰ খহনীয়া প্ৰতিৰোধৰ কোনো চৰকাৰী পদক্ষেপ বিশেষকৈ জলসম্পদ বিভাগৰ বিষয়া সকলে বৰ্তমানলৈকে কোনো ভুমিকা গ্ৰহণ কৰা নাই । অঞ্চলটোৰ বাসিন্দা সকলে মথাউৰিটো পুনৰ নিৰ্মাণত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে সক্ৰিয় ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰিছে । আনহাতে, নগাঁও জিলাৰ পশ্চিম অঞ্চল আৰু মৰিগাঁও জিলাৰ দক্ষিণ অঞ্চলৰ প্ৰায় ৪ লক্ষাধিক লোকক সুৰক্ষা দিবলৈ মৰিগাঁও জিলাৰ প্ৰতিনিধি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকা,অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই বিশিষ্ট ভূমিকা গ্ৰহণ কৰিব বুলি খহনীয়াৰ আতংকত ভোগা কলং-কপিলী পৰীয়া ৰাইজে আশা প্ৰকাশ কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here