যোৰহাটৰ দিচৈভেলী বনাঞ্চললৈ যাতায়াত কৰা পথ পৰিষ্কাৰ কৰিলে পুলিবৰ থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ কৰ্মীয়ে

0
6

যোৰহাটৰ দিচৈভেলী বনাঞ্চললৈ যাতায়াত কৰা পথ পৰিষ্কাৰ কৰিলে পুলিবৰ থানা এলেকাৰ গাঁওৰক্ষী বাহিনীৰ কৰ্মীয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , পংকজ কুমাৰ দাস ,পশ্চিম যোৰহাট, ১৬ জুলাই:যোৰহাটৰ দিচৈভেলী বনাঞ্চললৈ যাতায়াত কৰা পথ পৰিষ্কাৰ কৰিলে যোৰহাটৰ পুলিবৰ থানা এলেকাত পৰিচালিত হৈ থকা গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িত ৭৬ গৰাকী কৰ্মীয়ে। যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই যোৰহাট জিলা গাঁওৰক্ষী বাহিনীৰ উপ-উপদেষ্টা পৱন পাঠক, চক্ৰ সংগঠক ৰাজেন দাসৰ নেতৃত্বত ৰাওনা হোৱা দলটোৰ সৈতে যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন, উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকা, অ’বিচি ব’ৰ্ডৰ কপিল বৰাও গৈছিল। ৭৬ জনীয়া দলটোৱে দিচৈভেলী বনাঞ্চললৈ যাতায়াত কৰা পথটোৰ দুয়ো কাষৰ হাবি জংঘল কাটি যান-বাহন চলাচলৰ বাবে সুবিধা কৰি তোলাৰ লগতে ৰাজ্যখনৰ নিৰাপত্তাৰ বাবে সীমান্তত পহৰা দি থকা জোৱানসকলৰ বাবেও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা লৈ যোৱা বিভিন্ন সামগ্ৰী চমজাই দিয়ে। গাঁওৰক্ষী বাহিনীৰ দলটোৱে ১৬ জুলাইত শ্ৰমদান কৰি থকা সময়ত ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ কৰ্মীসকলক উৎসাহিত কৰে। উল্লেখ্য, উক্ত অঞ্চলত নগাই প্ৰায়েই আক্ৰমণ কৰি থাকে। শেহতীয়াকৈ ১৮ জুনত নগাই আক্ৰমণ কৰিছিল। জিলা প্ৰশাসনৰ তৰফৰ পৰা ভালেকেইটা শিবিল পাতি জিলাখনৰ সীমান্তত আৰক্ষীয়ে পহৰা দি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here