মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ

0
11

মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ

দুৰ্নীতিৰ দৰ্পণ , চিৰঞ্জীৱ কলিতা , প্ৰতিবেদক চাংসাৰি , ২২ জুলাইঃ বোৰ্কাস্থিত মধ্য কামপীঠ মহাবিদ্যালয়ৰ চাাৰিগৰাকী শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ দাবীত আজি মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এখন স্মাৰকপত্ৰ যুগুত কৰি কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ জৰিয়তে শিক্ষামন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰে। কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নয়নজ্যোতি কলিতাৰ নেতৃত্বত আছুৰ এটা দলে উপায়ুক্ত গৰাকীক সাক্ষাৎ কৰি মধ্য কামপীঠ মহাবিদ্যালয় বোৰ্কা- ২০২০ চনৰ চৰকাৰখনে প্ৰাদেশিকীকৰণ কৰে যদিও ভূগোল,দৰ্শন,অৰ্থনীতি বিভাগৰ সৰহ সংখ্যক ছাত্ৰ ছাত্ৰী থকাৰ পিছতো উল্লিখিত বিভাগৰ ৪ গৰাকী শিক্ষকৰ পদ প্ৰাদেশিকীকৰণত বাদ পৰে। সেয়েহে ছাত্ৰ সন্থাই বাদ পৰা চাৰিগৰাকী শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰি ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত সুনিশ্চিত কৰিবলৈ দাবী জনায়। আজিৰ স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচীত উপস্থিতি থাকে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নয়ন জ্যোতি কলিতা,ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ভৱেশ দাস,মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অমৰ জ্যোতি নাথ,আছুকৰ্মী পৱন নীল কাশ্যপ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here