মেৰাপানীত এটি ব্যতিক্ৰমী খাচি ছাগলী

0
12

মেৰাপানীত এটি ব্যতিক্ৰমী খাচি ছাগলী

দুৰ্নীতিৰ দৰ্পণ সেৱা ,বিনোদ কুমাৰ নাথ , গোলাঘাট সেৱা , ২৫ জুন: যি সময়ত জীৱশ্ৰেষ্ঠ মানুহেই একেবাৰে কাষৰ জনৰ লগত প্ৰৱঞ্চনা কৰা দৃষ্টিগোচৰ হয় । যাৰ ফলস্বৰুপে এজনে আনজনক বিশ্বাসত ল’ব নোৱাৰা হৈছে , তেনে সময়তে মেৰাপানী বজাৰৰ সমীপত স্থিত এজন ক্ষুদ্ৰ হোটেলৰ স্বত্বাধিকাৰীয়ে নিজ খাচী ছাগলীটিক যোৱা পাঁচ বছৰৰ পৰাই কৰি আহিছে প্ৰতিপালন ৷ তেখেতে জনায় যে , কালে নামৰ উক্ত খাচিটো তেও নিজ সন্তানৰ দৰেই পোহপাল দি দৈনিক নিম্নতম ১৬০ টকা ব্যয় কৰে । উক্ত খাচীটোৰ বাবত আৰু খাচীটো বৰ্তমান বৃদ্ধজনৰ একমাত্ৰ ঢাল হচাপে পৰিগণিত হৈ আহিছে ৷ কোনো দুষ্ট প্ৰকৃতটিৰ লোকে যদি তেখেতক অনিষ্ট কৰিব আহে , তেন্তে “খালে” তেখেতৰ পক্ষত ঢাল হিচাপে ৰক্ষণাবেক্ষণ দিয়ে ৷ তেখেতে জনোৱা মতে , খালেৰ এতিয়া বয়স হৈছে পাঁচ বছৰ আঁঠ মাহ বিশ দিন আৰু নিজ সন্তানৰ দৰেই বৃদ্ধ জনে ছাগলীটো পোহপাল দি আছে ৷ তেখেতৰ একান্ত বিশ্বাস যে , খালে তেও জীয়াই থকালৈকে শত্ৰু পক্ষৰ পৰা ৰক্ষা কৰি থাকিব ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here