ডিব্ৰুগড় বিশ্ববিদ্যালয়, OBE আৰু কিছু অনুভৱ

0
6

ডিব্ৰুগড় বিশ্ববিদ্যালয়, OBE আৰু কিছু অনুভৱ

কৰবী গগৈ , ডিব্ৰুগড়

তিনি বছৰীয়া এটি স্বপ্ন ৷ সাৰপানী দি অতদিনে যেন সেই স্বপ্নটো লালনপালন কৰিছিলোঁ ৷ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত ছাত্ৰী হিচাপে ভৰি দিয়াৰ পাছত যিদিনা প্ৰথম ষান্মাষিকৰ পৰীক্ষাৰ ফলাফল ঘোষণা হৈছিল , সেইদিনাই মহাবিদ্যালয়ৰ বিভাগীয় অধ্যাপক শ্ৰদ্ধাৰ ডিগম্বৰ ফুকন ছাৰে মনত যেন ৰোপন কৰি দিছিল স্বপ্নৰ সেই বীজ ৷ ছাৰে বাৰে বাৰে আমাক সোঁৱৰাই থাকিছিল , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দৰে এখন সুন্দৰ দেশৰ অংশ কৰাৰ গৌৰৱ যাতে অৰ্জন কৰি আমি যাতে আমাৰ স্বপ্ন বাস্তৱ কৰিব পাৰোঁ ৷ ছাৰৰ কথাবোৰে মনত নতুন উদ্যমৰ সঞ্চাৰ কৰিছিল,সাহস যোগাইছিল আৰু মনটো দৃঢ় হৈ পৰিছিল যে কৰিবই লাগিব , আমি পাৰিবই লাগিব, পাৰিম… তাতে আকৌ বিভাগৰে দীপা বাইদেউ,ফৰিদা বাইদেউৰ প্ৰেৰণাভৰা কথাবোৰ,স্নেহ,যত্ন এইবোৰে যেন বাটটো অধিক মুকলি সপোনৰ ঠিকনা নাহৰৰ দেশৰ দিশে আগবাঢ়িবলৈ।বহু অপেক্ষা,সমস্যা আৰু কষ্টৰ মাজেৰে অৱশেষত সেইদিনটো আহিল ৷ মহাবিদ্যালয়ত অন্তিমটো পৰীক্ষা সামৰি পৰিস্থিতিৰ তাগিদাত পৰি আনুষ্ঠানিক বিদায় লৈ ঢাপলি মেলিলো প্ৰাণৰ আপোন ঠাইখনলৈ ৷ ৩০-১২-২০২০ এই বিশেষ দিনটোত নিজকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অংশ ৰূপে পৰিচয় দিয়াৰ সৌভাগ্য হৈছিল ৷ সেইদিনা নিশা টোপনি অহা নাছিল ৷ আত্মতৃপ্তিয়ে যেন ভৰি পৰিছিল হৃদয় ৷ শব্দৰে বুজোৱা অসম্ভৱ
সুখী মনৰ সেই অনুভৱ ৷ এৰি অহা মহাবিদ্যালয়খনৰ অধ্যাপক শ্ৰদ্ধাৰ ড° সঞ্জীৱানন্দ বৰগোহাঁই ছাৰ,মাতৃস্নেহেৰে আৱৰি ৰখা মানসী বাইদেউ , শাধনা বাইদেউ,তুলতুল বাইদেউ,সময়ে সময়ে মোক পঢ়াৰ ক্ষেত্ৰত স্বাহ্যৰ ক্ষেত্ৰত যত্ন লবলৈ পৰামৰ্শ দিয়া তুলিকা আৰু সংগীতা বাইদেউ তথা মহাবিদ্যালয়ৰ সকলোৰে প্ৰতি কৃতজ্ঞতাত মূৰ দোঁ খাইছিল ৷ কাৰণ মোৰ পিতৃ-মাতৃ,পৰিয়ালবৰ্গৰ দৰেই মহাবিদ্যালয়ৰ সকলোৰে বাবেহে আজি মই বিশ্ববিদ্যালয়ৰ পৰিকলন বিজ্ঞান আৰু প্ৰয়োগ কেন্দ্ৰৰ(CCSA) ছাত্ৰী হিচাপে নিজকে পৰিচয় দিয়াৰ সুযোগকণ লাভ কৰিছোঁ ৷ সময় গতিশীল ৷ সময় কাৰো বাবে নৰয় ৷ বিশ্ববিদ্যালয়ত ক্লাছবোৰ আৰম্ভ হ’ল ৷ ক্লাছৰ মাজতে Freshmen Social পাৰ হৈ গল ৷ বিষ্ণুৰাভা ৰঙ্গ মঞ্চৰ সেইদিনাৰ আয়োজন হৃদয়ৰ মণিকোঠাত চিৰদিন সজীৱ হৈ ৰব ৷ চাৰিওদিশে মাত্ৰ নতুনত্ব ৷ সেই নতুন বোৰৰ মাজত মই যেন হেৰাই যাব ধৰিছিলোঁ ৷ সময়বোৰ তেনেকৈয়ে পাৰ হৈছিল ৷ ক্লাছৰ মাজে মাজে মাজে জঃছাগৰ চাহৰ জুতি,উদ্যানৰ ধেমালি এইবোৰে মনটোক জীপাল কৰি ৰাখিছিল ৷ কিন্তু হঠাতে সকলো খেলিমেলি লাগিল ৷ covid19 ৰ ভয়াৱহতাই পুনৰ জুমুৰি দি ধৰিলে ৷ পৰিস্থিতিৰ ভয়াৱহতাৰ বাবে অনলাইন যোগে পাঠদানৰ ব্যৱস্থা কৰি হ’ল ৷ ভাল লগাবোৰ যেন দূৰ কৰবাত ৰৈ গল ৷ বিশ্ববিদ্যালয়ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ পৰি বঞ্চিত হোৱাৰ লগতে বিশ্ববিদ্যালয়ে উপহাৰ দিয়া শদিয়া , ধেমাজী, নগাঁও, শিৱসাগৰ, যোৰহাট আদি ভিন্ন ঠাইৰ বহু প্ৰতিভাৰে পূৰ্ণ,কম সময়তে আপোন হৈ পৰা বন্ধু বান্ধৱীসকলৰ পৰা আতঁৰ হব লগা হৈছিল ৷ হতাশাই যেন আগুৰি ধৰিছিল ৷ কিন্তু আমাৰ হাততো একো নাছিল ৷ বৰ্তমান ভৱিষ্যত চিন্তি থাকোঁতেই এদিন SOP ওলাল ৷ পৰীক্ষা হব OBE ৰ নতুন পদ্ধতিৰে ৷ অনিচ্ছা স্বত্বেও সময়ৰ আহ্বান স্বীকাৰ কৰিবই লাগিব ৷ ফ্ৰম ফিলাপ হৈ গল ৷ Goggle Classroom ত পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ হ’ল , মুঠতে পৰীক্ষা হব ৷ দিনবোৰ কাষ চাপি অহাৰ লগে লগে উচ্চতৰ মাধ্যমিক,ডিগ্ৰীৰ সময়চোৱাৰ কথাবোৰ ভাৱি চকুলো নিগৰিছিল ৷ কিন্তু কি কৰিম আমি উপায়ন্তৰ ৷ সময় অনুসৰি পৰীক্ষা আহিল আৰু গ’ল কিন্তু আদৰ্শৰ বাহিৰত আছিল এই OBE ৷ মনত হাজাৰ হাজাৰ প্ৰশ্ন ৷ কিমান সফল হ’ল OBE ? এই OBE ৰ সময়ছোৱাত কাৰোবাৰ যদি Network ৰ সমস্যা , কাৰোবাৰ আকৌ ফনত technical সমস্যা ৷ কিন্তু পৰিস্থিতিৰ তাগিদাত অভিযোগ অৰ্থহীন ৷ ইমান দিনৰ আশা,সপোন সকলোতে চেচা পানী পৰিল ৷ বিষাদে মনটো ভাৰাক্ৰান্ত কৰি তুলিছে ৷ মোৰ সপোনৰ বিশ্ববিদ্যালয়ৰ যাত্ৰা এনেদৰেই স্তিমিত হব নেকি ? হেৰাই যাব নেকি সকলোবোৰ ? OBE ৰ পদ্ধতিয়ে সুৰক্ষিত কৰিব নে ছাত্ৰছাত্ৰীৰ ভৱিষ্যত ? প্ৰশ্ন মাথোঁ প্ৰশ্ন , তথাপিও আশাভৰা মন এটা লৈ অপেক্ষা কৰিছোঁ ভাল দিনলৈ ৷ আকৌ উভতি যাম আমি সুন্দৰতাৰ মাজলৈ ৷ জয়তো ডিব্ৰুগড় বিশ্ববিদ্যালয় ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here