পান খেতিৰ ওপৰত কিছু তথ্য

0
10

পান খেতিৰ ওপৰত কিছু তথ্য

বিনোদ কুমাৰ নাথ , গোলাঘাট

অসম কৃষি প্ৰধান ৰাজ্য ৷ বৰ্তমান গ্ৰম্যাঞ্চলৰ প্ৰায় ৰাইজেই ঘৰে ঘৰে গোবা ৰোপন কৰা আৰু গোৱা বিক্ৰি কৰা দৃষ্টিগোচৰ হয় ৷ কিন্তু পান খেতি কৰি আপোনি কি দৰে স্বাৱলম্বী হ’ব পাৰে , তাৰ ওপৰত অসম কৃষি বিশ্ববিদ্যালয়ে কি কয় কণমান চকু ফুৰাও আহক । আপোনিও গোৱা বা পাণৰ খেতি কৰি স্বাৱলম্বী হ’ব পাৰে ৷ অসমত তিনি প্ৰকাৰে পান খেতি কৰা হয় । (১) তামোল গছ বা অন্য গছৰ গুৰিত , (২) বোৰোজ পদ্ধতি (৩) খুটি পদ্ধতি । ইয়াৰে প্ৰথম পদ্ধতিতে সাধাৰণতে প্ৰায় বিলাক ঘৰতে কৰা হয় ৷ আন দুটা পদ্ধতি ব্যৱসায় ভিত্তিত কৰা হয় ৷ সঁচ অসমীয়া পান , খাছী পান , গাৰো পান , চাঁচী পান , বাংলা পান (কালী বাংলা, মুৱা বাংলা, ইৰানিগিটি, গুদি বাংলা) মিঠা পান আৰু কাৰ্বি পান ৷ মাটি সাৰুৱা আলতীয়াৰ পৰা বালিচঁহীয়া মাটি ও পানী জমা নোহোৱা মাটি পান খেতিৰ বাবে উপযোগী ৷ নতুনকৈ পান বাৰী প্ৰস্তুত কৰিবলৈ অন্য ঠাইৰ পৰা মাটিৰ ওপৰ ভাগ কাটি আনি কৰিব পাৰিলে ভাল ৷ পুলি ৰোৱাৰ এমাহৰ আগতে মাটিত চূণ মিহলাই মাটিৰ অম্লতা কমাই ল’লে ভাল হয় অৰ্থাৎ পি, এইচ ৬.৫ মানত ৰাখিব লাগে ৷
তামোল গছৰ সহায়লৈ কৰা পান খেতি
তামোল গছৰ গুৰিৰ পৰা ৬০-৭০ ছে: মি: দুৰত্বত ৬০ ছে: মি:x ৬০ ছে: মি: x ৬০ ছে: মি: ব্যাসাৰ্দ্ধৰ গাত খান্দি তাত পচন সাৰ বা গোবৰ আদি প্ৰয়োগ কৰিব লাগে ৷ প্ৰত্যেক জোপা তামোলগছৰ বাবে ৩-৪ টা পানৰ ডাল (cutting) ৰোব লাগে ৷ সাধাৰণতে ২-৩ ফুট দীঘল ডাল য’ত ৬ টা মানকৈ কোঁহ/গাঁঠি থাকে তেনেবোৰ ডালহে ৰোৱাৰ বাবে উপযোগী ৷

বোৰজ আৰু খুটি পদ্ধতি
বাঁহ আৰু খেৰ আদিৰ বোৰজ প্ৰস্তুত কৰি সকলো দিশ খেৰেৰে বেৰি দিব লাগে ৷ পান গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ খুটি পদ্ধতিত কৰা পান খেতিৰ বাবে ওপৰ ভাগ আবদ্ধ কৰি পান গছবোৰ বাঁহৰ খুটিত বগাবলৈ দিব লাগে ৷ এই ক্ষেত্ৰত বাঁহৰ দীঘল খুটিৰ ব্যৱহাৰ হয় ৷ পুলি ৰোৱাৰ আগেয়ে পান ৰোবলৈ লোৱা মাটি দৰা ভালদৰে চহায় লব লাগে ৷

ৰোপন সামগ্ৰী
সাধাৰণতে পান গছৰ উৰ্দ্ধমুখী ২-৩ বছৰীয়া পূৰঠ আগবোৰ কাটি আনি তাৰ পৰা সৰু সৰুকৈ অৰ্থাৎ ৩০-৪০ ছে: মি: দীঘলে কাটি ল’ব লাগে ৷ এই সৰু সৰু ডাল বা কাটিং বিলাকত ৩-৪ টাকৈ গাঁঠি থাকিব লাগে ৷ এই ডালবোৰৰ পৰা যেতিয়া নতুন পোখা ওলাই বাঢ়িবলৈ ধৰিব তেতিয়া মূল পথাৰত অৰ্থাৎ তামোল গছৰ গুৰিত ৰোপন কৰিব লাগে ৷ বোৰজ পদ্ধতিত পোখা ওলোৱা ডালবোৰ ৫০ ছে: মি: আৰু ১৫ ছে: মি: দূৰত্বত অথাৎ দুটা শাৰীৰ মাজত দূৰত্ব ৫০ ছে: মি: আৰু প্ৰতিটো শাৰীত দুটা পুলিৰ মাজৰ দূৰত্ব ১৫ ছে: মিটাৰত ৰোৱাৰ ব্যৱস্হা কৰিব লাগে ৷ এই পদ্ধতিত প্ৰতি বিঘা মাটিত ১২,৬০০-১২,৭০০ টা পুলি ৰোপন কৰিব পাৰি ৷ কিন্তু খুটি পদ্ধতিত পুলি আৰু শাৰীৰ দূৰত্ব ৯০ ছে: মি: ৰাখিব লাগে বাবে প্ৰতি বিঘা মাটিত ১০০০-১৪০০ টা পুলিহে ৰোপন কৰিব পাৰি ৷ ৰোৱাৰ আগতে মাটিডৰা ভালদৰে চহায় লব লাগে আৰু ৰাসায়নিক দ্ৰৱ্যৰে মাটিডোখৰ শোধন কৰি লব লাগে ৷ তাৰ বাবে ০.২ শতাংশ পি, চি, এন্, বি (ব্ৰাচিক’ল) নামৰ ঔষধৰে মাটিডোখৰ তিয়াই লব লাগে ৷ আকৌ পুলবাৰীৰ পৰা উঠাই অনা পোখা পুলিবোৰ ০.৫ শতাংশ শক্তিৰ ব’ৰডো মিশ্ৰণ আৰু ষ্টেপ্টোচাইক্লিন(Streptocycline) ৫০০ পি, পি, এম মিশ্ৰণত আধা ঘন্টা ডুবাই ৰাখিব লাগে ৷ অসমত সাধাৰণতে মে’-আগষ্ট মাহলৈকে পান পুলি ৰোৱা হয় ৷
সাৰ প্ৰয়োগ
১৫০ কেজি নাইট্র’জেন প্ৰতি হেক্টৰত প্ৰতি বছৰে ১০০ কেজি ফছফৰাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে ৫০ কেজি পটাচ প্ৰতি হেক্টৰত প্ৰতি বছৰে এই গোটেইখিনি সাৰ মাটিডৰাত বছেৰেকত ৬-৮ টা ভাগত ভাগ কৰি গোবৰৰ লগত প্ৰয়োগ কৰিব লাগে ৷ বোৰজ পদ্ধতিত কৰা পান খেতি প্ৰতিবছৰে হেক্টৰে প্ৰতি ২০০ কেজি নাইট্র’জেন (ইউৰিয়াৰ) লগত খলিহৈৰ লগত ১ : ১ অনুপাতত মিহলাই সমানে চাৰিভাগ কৰি প্ৰয়োগ কৰিব ৷ পানৰ উৎপাদন আৰু মানদণ্ড বৃদ্ধি কৰিবলৈ ৪ শতাংশ জিঙ্ক চালফেটৰ মিশ্ৰণ ৬ বাৰ মানলৈ ৬০ দিনৰ ব্যৱধানত স্প্ৰে কৰিব ৷ যদি পৰা যায় নাইট্ৰ’জেনৰ ৫০ শতাংশ পৰিমাণৰ জৈৱিক সাৰ আৰু পচন সাৰ প্ৰয়োগ কৰিব পাৰিলে ভাল ফল পোৱা যায় ৷
পান বগোৱা
মূখ্য লতাডাল যেতিয়া আশ্ৰয়কাৰী বাঁহৰ খুটাত বা গছত বগাব তেতিয়া ৬-৮ ইঞ্চি অন্তৰত কলগছৰ পতুৱাৰ আঁহৰে বা দীঘল দুৱৰি বনৰ লতাৰে ঢিলাকৈ বান্ধিব লাগে যাতে গছজোপাত বগাই যাবলৈ সুবিধা হয় ৷ গছজোপাৰ বাঢ়নৰ ওপৰত লক্ষ্য ৰাখি ১৫-২০ দিনৰ অন্তৰত এবাৰ বান্ধিব লাগে ৷
লতাপান নমোৱা
সাধাৰণতে পানগছৰ মূখ্য লতাডাল এবছৰত প্ৰায় ১০ ফুট মানলৈ ওখ হয় ৷ গতিকে , যেতিয়া লতাডাল সিমান ওপৰলৈ যায় তেতিয়া গছডাল বছৰেকত এবাৰ তললৈ নুৰা বান্ধি খহাই আনিব লাগে আৰু আগ অংশৰ মোটা গা-গছডাল মাটিত আকৌ পুতি দিব লাগে , যাতে ওপৰৰ আনটোৰ মাত্ৰ ২-৩ ফুটহে ওলাই থাকে ৷ তেনেকৈ নমাই আনিলে গছজোপাৰ গুৰিতো জোপোহা হ’ব আৰু একেডাল আশ্ৰয়কাৰীতে আকৌ বগাব পাৰিব ৷
শস্য ৰক্ষা
পাত পচা (Phytophthora leaf rot), শিপা পছা (root rot): এই বিধ বেমাৰত ০.১ শতাংশ শক্তিৰ বৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১ মাহৰ অন্তৰত ৪ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ আনহাতে , ০.৫ শতাংশ ব’ৰডো মিশ্ৰণ বেমাৰৰ প্ৰকোপ অনুযায়ী ১৫ দিনৰ অন্তৰত ৮ বাৰ গছৰ গুৰিত প্ৰয়োগ কৰিব লাগে ৷ এই ঔষধ প্ৰয়োগ জুন মাহৰ পৰা চেপ্তেম্বৰ মাহৰ ভিতৰত কৰিব লাগে । পাত বা ঠাৰিত দাগ পৰা বেমাৰ (Bectrial leaf spot) : এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ আৰু এক শতাংশ ষ্টেষ্ট্রোমাইচিনৰ মিশ্ৰণ তৈয়াৰ কৰি ২০ দিনৰ ব্যৱধানত ৰোগ আৰম্ভ পৰাৰে পৰা প্ৰয়োগ কৰিব ৷ এনথ্ৰেকন’জ (Anthracnose) : এই বেমাৰৰ বাবে ০.৫ শতাংশ বৰডো মিশ্ৰণ ২০ দিনৰ ব্যৱধানত ৪ বাৰ ৰোগ ৰোগৰ প্ৰাৰম্ভিক পৰ্য্যায়ৰ পৰা প্ৰয়োগ কৰিব বুলি অসম কৃষি বিশ্ববিদ্যালয়ে ৰাজ্যৰ কৃষকসকলক উদ্দ্যেশ্যি পৰামৰ্শ আগবঢ়ায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here