যোগ আৰু আত্ম-উপলব্ধি

0
14

যোগ আৰু আত্ম-উপলব্ধি

পংকজ কুমাৰ দাস
লেখকৰ ঠিকনা , ভকত পমুৱা , যোৰহাট

বৰ্তমান সময়ত যোগ শব্দটো অকল দেশীয় অথবা ভাৰতীয় দৰ্শন-শাস্ত্ৰ অথবা সনাতন ধৰ্ম বা হিন্দু ধৰ্মতে সীমাবদ্ধ নহয় এক বৈষয়িক শব্দ হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ কাৰণ হৈছে যোগ শব্দটো অভিধান অৰ্থাৎ ইংৰাজী শব্দ কোষৰ লগত জড়িত হৈ পৰিছে ৷ গোটেই বিশ্ববাসীয়ে আজি যোগৰ বিষয়ে জানিবলৈ,বুজিবলৈ আগ্ৰহান্বিত হৈছে ৷ বহুতো দেশ আৰু বিশ্ববিদ্যালয়ত যোগ এক সংশোধনৰ বিষয় হৈ পৰিছে ৷ আজিৰ সময়ত স্বাস্থ্য লাভৰ পৰ্যায় হৈছে যোগ ৷ ইমানৰ পিছতো যোগৰ প্ৰধান উপযোগিতাৰ বিষয়ে গোটেই সংসাৰখনেই অভিজ্ঞতাবিহীন ৷ আজি যি যোগৰ স্বৰূপে সংসাৰৰ মনোযোগ আকৰ্ষণ কৰিছে,সেই যোগ কেৱল দুৱাৰৰ বাহিৰতহে টিকি আছে আৰু তাৰ ভিতৰৰ ৰহস্যময় সংসাৰৰ আশ্চৰ্যজনক ও স্বৰ্গীয় স্বৰূপক পাহৰাই দিয়ে ৷ অমূল্য ৰত্নৰে ভৰি থকা ভাণ্ডাৰৰ ৰাজপ্ৰসাদৰ দুৱাৰত চকু চাট মাৰি ধৰা কাঁচ আৰু পাথৰৰ টুকুৰাক যিদৰে ধনৰ ভাণ্ডাৰ ভাবি সন্তুষ্ট হোৱা যায়,এইবোৰো তেনেকুৱাই ৷ আজিৰ প্ৰচলিত যোগ কেৱল দৈহিক আৰু কিছু মানসিক সুখতে সীমাবদ্ধ হৈছে । কিয়নো , আজি জনসাধাৰণৰ আগ্ৰহ কেৱল দৈহিক ক্ৰিয়া অৰ্থাৎ আসনতে সীমিত হৈ ৰ’ল , যি যোগৰ মাত্ৰ প্ৰাৰম্ভিক আৰু একেবাৰে বাহ্যিক অংগ ৷ বাস্তৱিক যোগ আসন আৰু প্ৰাণায়মৰ পাছতহে কৰা হয় , য’ত দৈহিক ক্ৰিয়া আৰু মানসিক অস্থিৰতা সাময়িকভাৱে প্ৰতিৰোধ কৰিব লাগে ৷ এই পূৰ্ণ বিশ্ৰাম অৱস্থাত যেতিয়া শৰীৰ নিস্তেজ হৈ মনটো বিলিন হয়,সেই সময়ত আত্মা নিজৰ স্বৰূপত উজ্জ্বল জ্যোতিষ্কৰ ৰূপত অন্তৰত প্ৰকট হয় ৷ আমি সকলোৱে জানো যে , যোগ-সূত্ৰৰ আৰম্ভণি “চিত্ত-বৃত্তি-নিৰোধশ্য” চৰ্চাৰ পৰা হয় আৰু “ঈশ্বৰ প্ৰাণিধান” হৈ সম্প্ৰজ্ঞাত সমাধি বা নিৰ্বিকল্প সমাধিৰ চৰ্চা কৰাতে সমাপ্ত হয় ৷ যাৰ অৰ্থ চিত অৰ্থাৎ মনতকৈও গম্ভীৰ অৱস্থাত হোৱা অস্হিৰতাও প্ৰতিৰোধ হয়,সেই নিস্তেজ অৱস্থাক যোগ নকৈ আসন আৰু প্ৰাণায়মৰ দৈহিক চৰ্চাক যোগ কোৱা হয় ৷ কিন্তু মনতকৈও গম্ভীৰত প্ৰবেশ কৰিবলৈ আমাৰ দৃষ্টিয়ে ঢুকি নাপায় আৰু আমি পাৰতে থিয় হৈ ৰওঁ ৷ ঈশ্বৰ প্ৰাণিধান অৰ্থাৎ পৰমাত্মা নামৰ এক উত্তম সত্তাৰ প্ৰতি মনত ভক্তিৰ সঞ্চাৰ হয় আৰু সেই সত্তাৰ কৃপাত যোগ সম্পন্ন হয় ৷ মাৰ্গত ইয়াৰ সহযোগ অতি আৱশ্যকীয় , যেতিয়া চিত্ত-বৃত্তিৰ প্ৰতিৰোধ হয় আৰু পৰমাত্মাৰ কৃপা প্ৰাপ্ত হয়,তেতিয়া নিৰ্বিকল্প সমাধি হয় যিটো যোগত পূৰ্ণ হোৱা উচিত ৷ এই পূৰ্ণতাৰ নাম যোগ ৷ যোগৰ এই চূড়ান্ত অৱস্থাক নিৰ্বিকল্প সমাধি কোৱা হয় ৷ এই সমাধি অৱস্থাত সম্পূৰ্ণ আত্ম-উপলব্ধি হয় ৷ এই আত্ম-উপলব্ধিয়েই যোগৰ উদ্দেশ্য ৷ এইবাবে যোগক বাহ্যিক স্তৰতে সীমাবদ্ধ নাৰাখি চূড়ান্ত অৱস্থা-আত্ম-উপলব্ধিৰ পথৰ সন্ধান কৰাটো নিত্যান্তই জৰুৰী,নহ’লে আমি বাস্তৱিক যোগৰ পৰা বঞ্চিত হৈয়ে ৰ’ম ৷ এই অৱস্থা পাবলৈ আধ্যাত্মিক তত্ত্বদৰ্শী গুৰুৰ কৃপা আৰু নিৰ্দেশপ্ৰাপ্ত নহ’লে আমি সেই যোগৰ উত্তম সুন্দৰতা উপলব্ধি কৰিব নোৱাৰি মাত্ৰ স্বাস্থ্যহে লাভ কৰিব পাৰিম আৰু আমি সকলোৱে জানো লাখ লাখ উপায় কৰিলেও এই শৰীৰ আৰু স্বাস্থ্য চিৰস্থায়ী নহয় ৷ এইবাবে যোগ চিৰস্থায়ীত্বৰ প্ৰাপ্ত সাধন নহৈ ক্ষণভংগুৰতাৰ সাময়িক লাভৰ উপায় ৷ অৰ্থাৎ যোগ সেইটোৱে যিয়ে আত্ম-উপলব্ধি কৰোৱাই দিয়ে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here