বিলাসীপাৰাত এন আৰ এম দলৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপ সভানেত্ৰী টুন টুন পাটৰ


দুৰ্নীতিৰ দৰ্পণ সেৱা , সহিদুল ৰহমান , বিলাসীপাৰা , ২৯ মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হবলগীয়া নিৰ্বাচনৰ বাবে সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী প্ৰচাৰত বিভিন্ন ৰাজনৈতিক দল সমূহৰ ৰথী-মহাৰথী সকলোৰ আগমণ ঘটিছে । দেওবাৰে বিলাসীপাৰা ছিনিয়ৰ মাদ্ৰাছাৰ ওচৰত অনুষ্ঠিত হোৱা “নেশ্যনেল ৰোড মেপ দল(এন আৰ এম পি্)ৰ এক নিৰ্বাচনী জনসভাত উপস্থিত থাকে দলৰ উপ-সভানেত্ৰী টুনটুন পাটৰ । জানিব পৰা মতে,২৬ নং বিলাসীপাৰা পশ্চিম আৰু ২৭ নং বিলাসীপাৰা পূৱ বিধানসভা সমষ্টিৰ এন আৰ এম দলৰ প্ৰাৰ্থী দুগৰাকী ক্ৰমে আকবৰ আলী মণ্ডল আৰু মৌলানা ময়নুল হক(আশ্বাফী)ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হয় উপ-সভানেত্ৰী গৰাকী । উল্লেখ্য যে,এন আৰ এম দলৰ বিলাসীপাৰা জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত জনসভাত প্ৰায় সহস্ৰাধিক লোকৰ সমাগম হয় বুলি জানিব পৰা গৈছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here