কাকীৰ তিনি হাজাৰ বিঘাত চলা উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী হাইকৰ্টৰ মুখ্য ন্যায়াধীশলৈ ৰাজহুৱা পত্ৰ

0
20

কাকীৰ তিনি হাজাৰ বিঘাত চলা উচ্ছেদৰ বিৰুদ্ধে গুৱাহাটী হাইকৰ্টৰ মুখ্য ন্যায়াধীশলৈ ৰাজহুৱা পত্ৰ

জমিৰ উদ্দিন তালুকদাৰ, ডবকা ১২ জুনঃ যোৱা ৬ জুনত হোজাই জিলা প্ৰশাসনে কাকী মৌজাৰ তিনি নং কাকীৰ তেৰালাংচু তিনি হাজাৰ বিঘা নামৰ ঠাইত চলা উচ্ছেদৰ বিৰুদ্ধে স্থানীয় ৰাইজে এখন ৰাজহুৱা পত্ৰযোগে অভিযোগ দিছে গুৱাহাটী হাইকৰ্টৰ মুখ্য ন্যায়াধীশক ৷ বাতৰি মতে, যোৱা ৫ জুনৰ সন্ধিয়া লংকা ৰাজহ চক্ৰ বিষয়াৰ স্বাক্ষৰিত অসম ভূমি আৰু ৰাজহ আইনৰ বন্দোৱস্ত নিয়ম বিধি ১৮ (২) মতে কাকী মৌজাৰ তেৰালাংচু তিনি হাজাৰ বিঘাত বসতি স্থাপন কৰা ৭৪ টা পৰিয়াললৈ উচ্ছেদৰ জাননী জাৰি কৰি পিছদিনাই প্ৰশাসনে জেচিবি লগাই হঠাতে এমূৰৰ পৰা ঘৰ-বাৰি ভাঙি তচনচ কৰে ৷ ক’ভিড মহামাৰীৰ সময়ত যেতিয়া চৰকাৰে ইয়াৰ সকলো নাগৰিকক নিজৰ ঘৰতে সুৰক্ষিত থাকিবলৈ নিৰ্দেশ দিছে, সেই সময়ত সম্পূৰ্ণ অমানৱীয় কায়দাৰে ২৩ টা ঘৰ ভাঙি লণ্ড ভণ্ড কৰে ৷ কেৱল সেয়াই নহয়, উচ্ছেদৰ সমানে কেবা শ বিঘা কুঁহিয়াৰ, হালধি আৰু আদা খেতিও নষ্ট কৰে ৷ সম্প্ৰতি উচ্ছেদিত লোকসকলৰ লগতে নাৰী আৰু শিশুসকল এক অমানৱীয় পৰিৱেশত বাস কৰি আছে ৷ হোজাই জিলা প্ৰশাসনে গুৱাহাটী উচ্চ ন্যায়ালয়ে ১০ মে’ আৰু ৩১ মে’ত প্ৰদান কৰা দুটাকৈ নিৰ্দেশনাক উলংঘা কৰাৰ অভিযোগ তুলি স্থানীয় শতাধিক ৰাইজৰ স্বাক্ষৰ সম্বলিত এখন পত্ৰ গুৱাহাটী উচ্চ ন্যায়াধীশলৈ প্ৰেৰণ কৰে ৷ পত্ৰখনত ৰাইজে হোজাই জিলাৰ সাধাৰণ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰি ব্যৱস্থা লোৱাৰ দাবী জনায় ৷ ইয়াতে উল্লেখ কৰা প্ৰয়োজন যে হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ কাকী মৌজা আৰু লামডিং মৌজাত ১১ খন ৰাজহ বিভাগৰ দ্বাৰা জৰীপ নোহোৱা গাঁও আছে ৷ সেই গাঁও কেইখন হৈছে ক্ৰমে কাকী তেৰালাংচু ২০০০ বিঘা, তেৰালাংচু ৩০০০ বিঘা, লালুং গাওঁ, ১, ২, ৩ আৰু ৪ নং ডেৰাপথাৰ, লংমাইলু, নখুটি, কাংগাৰ গাঁও আৰু পূৱ লামডিং ৷ এই গাঁও কেইখনৰ জৰীপ আৰু নক্সা প্ৰস্তুতিৰ বাবে ২০২০ বৰ্ষৰ ২৩ জুনত লংকাৰ ৰাজহ চক্ৰ বিষয়াই LKRC. 3/2018/720 নং যোগে জৰীপ বিভাগৰ যুটিয়া সঞ্চালকলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল ৷ পত্ৰখনত ৰাজহ আদায়ৰ বাবে এই ব্যৱস্থা লোৱাৰ কথাও উল্লেখ কৰিছিল ৷ লামডিং সমষ্টিত জৰীপ নোহোৱা মুঠ ১১ খন গাঁৱৰ পৰা মাত্ৰ এখন গাঁৱতে হঠাৎ উচ্ছেদ চলোৱা ঘটনাৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য আছে নেকি, তাকে লৈও ভিন্ন মহলত প্ৰশ্ন উঠিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here