চিলাপথাৰত লক ডাউনৰ মাজতো অব্যাহত গৰু ছিণ্ডিকেট , ছাত্র মুক্তিৰ তৎপৰতাত ৯ টা বলধ জব্দ

0
13

চিলাপথাৰত লক ডাউনৰ মাজতো অব্যাহত গৰু ছিণ্ডিকেট , ছাত্র মুক্তিৰ তৎপৰতাত ৯ টা বলধ জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা , বিকাশ শইকীয়া , চিলাপথাৰ , ধেমাজি , ১৩ জুনঃ কৰোনা সৃষ্ট ভয়ংকৰ পৰিবেশৰ মাজতো চিলাপথাৰত চলি আছে গৰুৰ ৰমৰমীয়া বেহা ৷ শণিবাৰে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ তৎপৰতাত জব্দ হল ৯ টা কৈ বলধ ৷ সংগঠনটোৱে অভিযোগ কৰা মতে , শণিবাৰে বিয়লি প্ৰায় ৫ বজাত লক ডাউন বাহাল থকাৰ পিছতো চিলাপথাৰৰ লিকাবালী ৰোডৰ খনামুখ ফুলবাৰী সংযোগী পথৰ পৰা এ আৰ ০১ এল/ ৯২৫৩ নম্বৰৰ এখন বলেৰ পিক্আপত ৯ টাকৈ বলধ পান জপাদি কঢ়িয়াই নিয়া বিষয়টোক লৈ সোধ পোচ কৰাত কোনো সুদত্তৰ দিব নোৱাৰাত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক গৈ বলধ কেইটা গাড়ীসহ চিলাপথাৰ থানালৈ লৈ যায় ৷ কোনো ধৰণৰ লাগতীয়াল নথি পত্ৰৰ অবিহনে অৰুণাচল প্ৰদেশৰ দাপৰিজুত বিক্ৰীৰ বাবে পশুধন কেইটি চিলাপথৰৰ পৰা সৰবৰাহ কৰিছিল বুলি অভিযোগ উঠিছে । গৰুৰ গৰাকী হ’ল চিলাপথাৰ গান্ধী নগৰৰ ইকবাল আলি বুলি জানিব পৰা গৈছে ৷ অঞ্চলটোত দীৰ্ঘ দিনৰ পৰাই একাংশই গৰু ছিণ্ডিকেট চলাই আছে বুলি ঘটনাটোকলৈ আৰক্ষী থানাত এজাহাৰ দিয়াৰ লগতে অঞ্চলটোত গো মাংসৰ লগতে গো ছিণ্ডিকেট মানি লোৱা নহব বুলি সকিয়াই দিছে ৷ অন্যথা , ছাত্র মুক্তিয়ে আন্দোলন গঢ়ি তুলিব বুলি সদৰী কৰিছে ৷ আনহাতে , দীৰ্ঘদিন ধৰি একাংশক মেনেজ কৰি অবৈধ গৰু বেপাৰ চলাই অহা দুজনমান মধ্যভুগীয়ে ঘটনাটোক পাতল কৰিবলৈ চেষ্টা কৰা বুলি চৰ্চা চলিছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here