তামুলপুৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , প্ৰয়াত লেহো ৰাম বড়োৰ গৃহত উপস্থিত ডঃ শৰ্মা

0
17

তামুলপুৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা , প্ৰয়াত লেহো ৰাম বড়োৰ গৃহত উপস্থিত ডঃ শৰ্মা

দুৰ্নীতিৰ দৰ্পণ , প্ৰতিবেদক তামুলপুৰ , ১৩ জুনঃ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰবিবাৰে তামুলপুৰত উপস্থিত হৈ সদ্য প্ৰয়াত ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক লেহো ৰাম বড়োৰ গৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গৰ সতে মিলিত হৈ গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰয়াত বিধায়ক গৰাকীৰ দুই পুত্ৰ পিযুজ কান্তি বড়ো আৰু হিৰক জ্যোতি বড়োৰ খা-খবৰ লয় । আনহাতে , ভৱিষ্যতে এই দুই পুত্ৰক সকলো ধৰণৰ সহায়-সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে । উল্লেখযোগ্য যে , বিগত মে’ মাহৰ ২৯ তাৰিখে পুৱা কভিড-১৯ ত আক্ৰান্ত হোৱাৰ লগতে ষ্ট্ৰোকতো আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আই চি ইউত চিকিৎসাধীন অৱস্থাতে মৃত্যু বৰণ কৰিছিল ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক লেহো ৰাম বড়োই । ইয়াৰ পিছত সাংবাদিকৰে হোৱা বাৰ্তালাপত মুখ্য মন্ত্ৰী গৰাকীয়ে কয় , অত্যন্ত দুখঃজনকভাৱে তামুলপুৰ সমষ্টিৰ বিধায়ক লেহো ৰাম বড়োৰ ষ্ট্ৰোকত আক্ৰান্ত হৈ জি এম চি এইছত পৰলোক প্ৰাপ্তি হয় । তেওঁ আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ সতে আহি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে । সদ্য প্ৰয়াত লেহো ৰাম বড়োৰ যি আশা আকাংক্ষা আছিল , সেইটো পূৰণ কৰাৰ বাবে সকলোৱে চেষ্টা চলাব লাগিব আৰু প্ৰয়াত বিধায়ক গৰাকীৰ আত্মাই যাতে সুখ আৰু শান্তি অনুভৱ কৰে , তাৰ বাবে সেই চেষ্টাত মুখ্যমন্ত্ৰী গৰাকীয়ে সহযোগ কৰিব বুলিও সাংবাদিকক জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰী গৰাকীক আজি যাত্ৰাত সংগ দিয়ে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ উপৰিও বিটিচিৰ কাৰ্যবাহী সদস্য ক্ৰমে ঘনশ্যাম দাস,ধৰ্মনাৰায়ণ দাস,ৰণেন্দ্ৰ নাৰ্জাৰী আৰু গৌতম দাস,মনোনীত এম চি এল এ হেমন্ত কুমাৰ ৰাভা,পবিত্ৰ বড়ো,বিজিৎ গৌৰা নাৰ্জাৰী, বৰমা সমষ্টিৰ বিধায়ক ভূপেন বড়ো, তামুলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মছাহাৰী, প্ৰাক্তন কাৰ্যবাহী সদস্য দেবেন বড়ো, বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল সম্পাদক ৰাজেশ বড়ো, তামুলপুৰ জিলা ইউ পি পি এলৰ সভাপতি বিপুল কুমাৰ বসুমতাৰী, ব্লক ইউপিপিএলৰ সভাপতি নিৰঞ্জন ডেকা কে ধৰি ইউপিপিএলৰ নেতা কৰ্মী সকলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here