তামুলপুৰত ইউ পি পি এল দলৰ লেহোৰাম বড়োৰ বৃহৎ জয়লাভ

0
22

তামুলপুৰত ইউ পি পি এল দলৰ লেহোৰাম বড়োৰ বৃহৎ জয়লাভ

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক তামুলপুৰ , ৩ মেঃ বহু জল্পনা-কল্পনাৰ ওৰ পেলাই কালি ঘোষিত হোৱা বিধানসভা নিৰ্বাচনী ফলাফলত ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিত ইউ পি পি এলে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হয় । জিলাখনৰ তামুলপুৰ সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী লেহোৰাম বড়োৱে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বি পি এফৰ ৰঞ্জা খুংগুৰ বসুমতাৰীক ৩১৯৯২ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে । ইউ পি পি এলৰ প্ৰাৰ্থী গৰাকীয়ে ৭৮৪৮৪ টা ভোট পোৱাৰ বিপৰীতে বি পি এফৰ প্ৰাৰ্থী গৰাকীয়ে ৪৬৪৯২ ভোট লাভ কৰে। সৰুতে মাছ বিক্ৰী কৰি বিদ্যালয়ৰ ফিছ দিয়া লেহোৰাম বড়োৰ দীর্ঘ দিনে তামুলপুৰৰ খণ্ড উন্নয়ন বিষয়া হিচাবেও কাৰ্যনিৰ্বাহ কৰিছিল । খণ্ড উন্নয়ন বিষয়াৰ পৰা অৱসৰ লৈ বিভিন্ন সামাজিক , সাংস্কৃতিক কামত জড়িত আছিল লেহোৰাম বড়ো । জয় লাভ কৰি লেহোৰাম বড়োৰ প্ৰতিক্ৰিয়া-মই যি সকলৰ প্ৰচেষ্টাত আজি বিধায়ক নিৰ্বাচিত হলো , সেই সকলক ধন্যবাদ জনাইছো ৷ তাৰ উপৰিও সমুহ তামুলপুবাসীয়কে মই কৃতজ্ঞতা জনাইছো ৷ অগ্ৰাধিকাৰৰ ভিত্তিত ৰাইজৰ সমস্যা সমুহক আগস্থান দি কাম কৰি যাম মন্তব্য আগবঢ়ায় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here