তিনিচুকীয়া গৰাখহনীয়াৰ কবলত ৰঙাগড়া চাহ বাগিচা আৰু গুইজান অঞ্চল

0
11

তিনিচুকীয়া গৰাখহনীয়া কবলত ৰঙাগড়া চাহ বাগিচা আৰু গুইজান অঞ্চল

দুৰ্নীতিৰ দৰ্পণ সেৱা ,প্ৰেমানন্দ দাস , তিনিচুকীয়া , ১২ জুনঃ বাৰিষাৰ আগমনৰ লগে লগে সমগ্ৰ অসমতে চৰ্চিত বিষয়টো হৈছে বানপানী , গৰাখহনীয়া৷সমগ্ৰ অসমখনকে এই বানপানী আৰু গৰাখহনীয়াৰ সমস্যাই জুৰুলা কৰি তুলিছে ৷ এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় তিনিচুকীয়া জিলাও ৷ তিনিচুকীয়া জিলাৰো বিভিন্ন নৈ পৰীয়া অঞ্চলত গৰা খহনীয়াই প্ৰবল ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷ বিশেষকৈ ডিব্ৰু নৈৰ প্ৰবল গৰাখহনীয়াই দাঁতিকাষৰীয়া অঞ্চল গুইজান , নতুন ৰঙাগড়া চাহ বাগিচা, গাঁও , খামটিগোৱালি আদিকে লৈ এক বিস্তীৰ্ণ অঞ্চলৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ বিস্তৰ পৰিমাণৰ মাটি , ভেঁটি নৈৰ বুকুত জাহ যোৱাৰ লগতে কাষৰীয়া কেইবাখনো চাহ বাগানৰ বিস্তীৰ্ণ বাগান অঞ্চল বিশেষকৈ ৰঙাগড়া চাহ বাগানৰ এক বিস্তৰ অঞ্চল খহনীয়াত জাহ যোৱাৰ লগতে অসম কোম্পানী লিমিটেডৰ অন্তৰ্গত ৰংগাগড়া চাহ ফেক্টৰীলৈও তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ৷ যিহেতু এই ফেক্টৰীৰ লগত এই অঞ্চলৰ বহু চাহ শ্ৰমিকৰ ভৱিষ্যত জড়িত হৈ আছে ৷ সেই গতিকে যদিহে এই ফেক্টৰীটো গৰাখহনীয়াৰ কৱলত পৰে , তেন্তে সেই সকলো প্ৰত্যক্ষ বা পৰোক্ষভাৱে ফেক্টৰীৰ লগত জড়িত শ্ৰমিক সকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিব ৷ উল্লেখযোগ্য যে , পৰ্যটন স্থলী হিচাপে অসমৰ মানচিত্ৰত স্থান পোৱা গুইজান অঞ্চলতোক গৰাখহনীয়াৰ কৱলৰ পৰা মুক্ত কৰাৰ অৰ্থে , অঞ্চলটোৰ পৰ্যটনৰ সৌন্দৰ্যবৰ্ধন তথা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সমাধি স্থলীক গৰাখহনীয়াৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যে ,প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই উত্তৰ পূৱ বিকাশ আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ শিতানত ১৮ কোটি টকাৰ ব্যয় সাপেক্ষে যি এক অভিলাষী আঁচনি হাতত লৈছিল , সেই আঁচনিখনো বৰ্তমান ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে ৷ শুভাৰম্ভ হোৱাৰ পিছত সম্পূৰ্ণ খৰালি কালছোৱাত নিবিদা প্ৰাপ্ত ঠিকাদাৰে এক শতাংশ কামো নকৰাৰ কাৰ্যত তথা নিবিদা প্ৰাপ্তিৰ পিছৰে পৰা ঠিকাদাৰ জনৰ কোনো শুংসূত্ৰ নোহোৱাৰ বিষয়টোত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি উদিপ বৰপাত্ৰ আৰু সাধাৰণ সম্পাদক নয়ন জ্যোতি বেজবৰুৱাৰ লগতে এ জে ৱাই ছিপিৰ গুইজান আঞ্চলিক সমিতিৰ তৰফৰ পৰাও তীব্ৰ ক্ষোভ ব্যক্ত কৰিছে ৷ তাৰ লগতে ইমান দিনে কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ প্ৰয়োজনবোধ নকৰা জলসম্পদ বিভাগক নিজ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ সঁকিয়নি প্ৰদান কৰে আৰু গুইজান অঞ্চলৰ বৃহত্তৰ ৰাইজৰ স্বাৰ্থত তথা পৰ্যতনৰ সামগ্ৰিক উন্নয়ন বাবে গৰাখহনীয়াৰ সমস্যাৰ শীঘ্ৰেই স্থায়ী সমাধান কৰাৰ দিশত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জলসম্পদ মন্ত্ৰী পিযুস হাজৰিকা ডাঙৰীয়াক দাবী জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here