নগাঁৱত উৎখাত আই পি এলৰ বৃহৎ ঘাটি , জব্দ নগদ ৯ লাখ টকা , মোবাইল ফোন

0
17

নগাঁৱত উৎখাত আই পি এলৰ বৃহৎ ঘাটি , জব্দ নগদ ৯ লাখ টকা , মোবাইল ফোন

দুৰ্নীতিৰ দৰ্পণ সেৱা , ৱাহিদুদ জামান , নগাঁও , ৪ মে ঃ নগাঁৱত আই পি এলৰ নামত চলি থকা জুৱাৰ এক বৃহৎ নেটৱৰ্ক নগাঁও আৰক্ষীয়ে উৎখাৎ কৰিবলৈ সক্ষম হয় । এক গোপন সূত্ৰৰ পম খেদি নগাঁও আৰক্ষীৰ এটা দলে চহৰ খনৰ মধুপুৰত অভিযান চলাই আই পি এল জুৱাৰ ঘাটিটো উৎখাৎ কৰিবলৈ সক্ষম হয় । নগাঁও নগৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া কুন্দন ৰবি দাস আৰু সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক কুমাৰ দত্তৰ নেতৃত্বত যোৱা যোৱা আৰক্ষীৰ অভিযানকাৰী এটা দলে সোমবাৰে এজন যুৱকক আটক কৰাৰ পিছত যুৱকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চহৰ খনৰ আন এটা ঘৰত আজি অভিযান চলাই । আৰক্ষীৰ অভিযানত ঘৰটোৰ পৰা নগদ ৯ লাখ টকা জব্দ কৰাৰ লগতে চাৰিটাকৈ মোবাইল ফোন,ধনৰ লেনদেনৰ নোট বুক আৰু এখন বাইক জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে জব্দ কৰা মোবাইলত আই পি এল জুৱাৰ এপ্লিকেশ্যন ডাউনলোড কৰি থোৱা আছে বুলি বুলি আৰক্ষীয়ে সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰিছে । আৰক্ষীয়ে ইতিমধ্যে গেম এণ্ড বেটিং আইনৰ অধীনত ৯২৪/২১ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি আই পি এলৰ জুৱাৰ মূল মাষ্টাৰ মাইণ্ড নগাঁও চহৰৰ মৰিকলং কচ’লখোৱাৰ হুঁচনে মোবাৰক আৰু মাৰৱাৰী পট্টিত ভাড়াঘৰত থকা ৰাজস্থানৰ ললিত ডাগেক গ্ৰেপ্তাৰ কৰিছে । নগাঁও আৰক্ষীয়ে এই দুই অভিযুক্তৰ পৰা পোৱা নোট বুকৰ পৰা কিছু তথ্যৰ ভিত্তিত আই পি এল জুৱাৰ লগত জড়িত আন একাংশ লোকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here