পশ্চিমবংগৰ বিজেপি কৰ্মীৰ ওপৰত তৃণমুল কংগ্ৰেছৰ অত্যাচাৰত ধুবুৰীলৈ আগমণ , পৰিস্থিতিৰ বুজলৈ সামগ্ৰী বিতৰণ ৰনজিৎ দাসৰ

0
24

পশ্চিমবংগৰ বিজেপি কৰ্মীৰ ওপৰত তৃণমুল কংগ্ৰেছৰ অত্যাচাৰত ধুবুৰীলৈ আগমণ , পৰিস্থিতিৰ বুজলৈ সামগ্ৰী বিতৰণ ৰনজিৎ দাসৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা-জাহোৰপাম, ৫ মে’: সম্প্ৰতি পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টিৰ দলীয় কাৰ্যকৰ্তা তথা পৰিয়ালবৰ্গক অতি হিংসাত্মকভাৱে অত্যাচাৰ কৰিছে ৷ এইয়া সমগ্ৰ দেশৰ বাবে এক হৃদয় বিদাৰক ঘটনা বুলি অভিহিত কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰনজিৎ কুমাৰ দাসে ৷ তেওঁ কয় যে , গণতান্ত্ৰিক দেশ এখনত নিৰ্বাচনক লৈ হোৱা হিংসাত্মক ঘটনাই বিশ্বজুৰি আমাক লজ্জানত কৰিলে । এই দুখজনক ঘটনাত প্ৰায় ৩০০-৪০০ পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলে নিৰ্লজ্জ অত্যাচাৰ আৰু হিংসাৰ সন্মুখীন হোৱাৰ পিছত অসমৰ ধুবুৰীলৈ পাৰ হৈ আহিছে । আৰু সেয়ে ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা তেখেতসকলক আশ্ৰয় আৰু খাদ্যবস্তু প্ৰদান কৰা হয় । আজি দাসে উক্ত স্থান পৰিদৰ্শন কৰি পৰিস্থিতৰ বুজ লোৱাৰ লগতে তেখেতসকলক প্ৰয়োজনীয় কিছু সামগ্ৰী বিতৰণ কৰে ৷ মমতা বেনাৰ্জীৰ নেতৃত্বত তেওঁলোকৰ দলৰ কৰ্মীয়ে কৰা এই পৈশাচিক অত্যাচাৰৰ তীব্ৰভাৱে নিন্দা কৰাৰ লগতে গৰিহণা দিয়ে দাসে ৷ মানৱ সমাজ তথা গণতন্ত্ৰক লজ্জানত কৰা এই হিংসাত্মক কাৰ্যক অতি সোনকালে বন্ধ কৰিবলৈ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে দাবী জনাইছে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here