পেঙেৰীত আলফাৰ লিং মেন কৰায়ত্ত

0
16

পেঙেৰীত আলফাৰ লিং মেন কৰায়ত্ত

দুৰ্নীতি দৰ্পণ সেৱা , প্ৰমোদ ভূঞা , বৰডুমচা , ২ মেঃ আজি পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত টেকেৰী গাঁৱৰ ৰাইডাং পথাৰৰ পৰা জাগুনৰ এজন আলফাৰ লিং মেন ভাৰতীয় সেনাৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ত কৰে । বিভিন্ন সময়ত ধনদাবী কৰি আলফাৰ লগত যোগসূত্ৰ ৰাখি অহা লিং মেন জন জাগুনৰ উদিন সোনাৰ (৩২) বুলি জানিব পৰা গৈছে । আনহাতে , টেকেৰী গাঁৱৰ আন এজন লাডু উপাধ্যায়কো আৰক্ষীয়ে আটক কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে , কিন্তু তেওঁ পলাতক । ইয়াৰ উপৰিও আজি কৰায়ত্ত কৰা লিং মেন জনৰ লগত আন এজন যুৱককো সোধ পোছৰ বাবে আৰক্ষীয়ে ধৰি আনি ডিগবৈত প্ৰাথমিক পৰীক্ষা কৰিছে । উল্লেখযোগ্য যে , কিছু দিনৰ পূৰ্বে দুজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here