বটদ্ৰৱাত কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিৱামনি বৰাৰ বৃহৎ জয়

0
59

বটদ্ৰৱাত কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিৱামনি বৰাৰ বৃহৎ জয়

দুৰ্নীতিৰ দৰ্পণ , বটদ্ৰৱা , ২মে : আজি বিধান সভাৰ ফলাফলত ৮৪ নং বটদ্ৰৱা সমষ্টিত বিজেপিৰ প্ৰভাৱশালী বিধায়িকা আঙুৰলতা ডেকাই শোচনীয় পৰাজয়ৰ সন্মুখীন হব লগা হয় । গুৰুজনাৰ জন্ম স্থান বটদ্ৰৱাৰ নামেৰে নামাকৃত বটদ্ৰৱা বিধান সভা সমষ্টিৰ কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিবামনি বৰাই বহুবল্কি বিজেপিৰ বিধায়িকা তথা একালৰ মুহময়ী অভিনেত্ৰী আঙুৰলতা ডেকাক বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয় লাভ সাব্যস্ত কৰে । প্ৰাপ্ত তথ্য অনুসৰি , বিজেপি দলৰ প্ৰাৰ্থী আঙুৰলতা ডেকাই সৰ্বমুঠ ৫০৮৫৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰাই ৮৩৪৬৬ টা ভোট লাভ কৰিবলৈ সক্ষম হয় । ৮৪ নং বটদ্ৰৱাৰ সমষ্টিৰ ফলাফলত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামনি বৰাই ৩২৬১২ টা ভোটৰ ব্যবধানত বিজয় সাব্যস্ত কৰে । উল্লেখ যে , বটদ্ৰৱাৰ প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাই যোৱা পাছ বছৰীয়া কাৰ্যকালত সমষ্টি উন্নয়নত ব্যৰ্থ হোৱাৰ লগতে গুৰুজনাৰ পৱিত্ৰ স্মৃতি বিজড়িত হৈ থকা সমষ্টি টোত গুৰুজনাৰ আদৰ্শক জলাঞ্জলি দি ধৰ্মীয় মেৰুকৰণত ব্যস্ত থাকে । যাৰ বাবে এইবাৰ সমষ্টি বাসীয়ে তেওঁক সমূলি বিদায় জনায় । উল্লেখযোগ্য যে , কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে বটদ্ৰৱাৰ বাটমাৰিত বিশাল জনসভা সম্বোধন কৰাৰ পিছত আঙুৰলতা ডেকাই বিছগৰাকী প্ৰিয়ঙ্কা গান্ধী আহিলেও কোনো কাম নহয় বুলি দম্ভালি মৰা বক্তব্য প্ৰদানৰ লগতে প্ৰিয়ংকা গান্ধীৰ লগতে ৰাহুল গান্ধীক লৈ কটু মন্তব্য কৰা দেখা যায় । যাৰ বাবে আজি নিজেই অনুসূচনাত ভুগিব লগা পৰিস্থিতিৰ সন্মুখীন হব লগা হৈছে বুলি একাংশই কব খোজে । আনহাতে , সমষ্টিৰ উন্নয়নৰ ওপৰত নিৰ্বাচনী প্ৰচাৰৰ সময়ত সংবাদ মাধ্যমৰ আগত ভোট নিদিয়া সকলৰ কোনো কাম নকৰাৰ ভাবোকী প্ৰদান কৰাও নিৰ্বানি বিপৰ্যয়ৰ আন এটা মহা কাৰণ বুলিও ৰাইজৰ মুখে মুখে প্ৰচাৰিত হৈছে । স্মৰ্তব্য যে , নাচগান আৰু বেছি আত্মবিশ্বাস প্ৰদৰ্শন আঙূৰলতাৰ বাবে শেষত নেতিবাচক হৈ পৰা দেখা গ’ল ৷ ইফালে , ৮৩ চনত প্ৰয়াত পিতৃ কিৰণ বৰাই দখল কৰা বটদ্ৰৱা আসনখন পুনৰ নিজৰ দখললৈ নিবলৈ সক্ষম হোৱা শিৱামনি বৰাই বটদ্ৰৱাৰ সৰ্বাংগীণ উন্নয়ন তেওঁৰ সপোন বুলি উল্লেখ কৰি তেওঁৰ এই নতুন যাত্ৰাত সকলোৰে সহযোগ কামনা কৰে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here