মুখ্য সচিবৰ বিশ্বনাথত কোভিড আৰু বান পৰিস্থিতিৰ পৰ্যালোচনা,‘লক্ষ্যযুক্ত পদ্ধতিৰে” টিকাকৰণৰ আহ্বান

0
9

মুখ্য সচিবৰ বিশ্বনাথত কোভিড আৰু বান পৰিস্থিতিৰ পৰ্যালোচনা,‘লক্ষ্যযুক্ত পদ্ধতিৰে” টিকাকৰণৰ আহ্বান

দুৰ্নীতিৰ দৰ্পণ সেৱা , ছয়নিকা ডেকা,বিশ্বনাথ,১২ জুন : অসম চৰকাৰৰ মুখ্য সচিব শ্ৰীযুত জিষ্ণু বৰুৱাই (ভা.অ.সে.)বিশ্বনাথ জিলা প্ৰশাসনক কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত এক ‘লক্ষ্যযুক্ত পদ্ধতি’ গ্ৰহণৰ বাবে আহ্বান জনায় য’ত জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা লোকসকলক প্ৰাধাণ্য দিব লাগিব । শ্ৰী বৰুৱাই আজি বিশ্বনাথ জিলা উপাযুক্ত কাৰ্যালয়ৰ সভাগৃহত আযোজিত এক উচ্চস্তৰীয় বৈঠকত অধ্যক্ষতা কৰি জিলাখনৰ শেহতীয়া কোভিড আৰু বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে । কোভিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে পৰীক্ষা আৰু প্ৰতিষেধক প্ৰদানেই একমাত্ৰ উপায় বুলি উল্লেখ কৰি শ্ৰী বৰুৱাই কয় যে , ৰোগবিধত সহজে আক্ৰান্ত হ্’ব পৰা লোকসকলক প্ৰতিষেধক প্ৰদানৰ বাবে জিলা প্ৰশাসনে সুনিৰ্দিষ্ট পৰিকল্পনা যুগুত কৰাটো প্ৰযোজনীয় । অঙ্গণাবাদী পৰিচালিকা আৰু কৰ্মীসকল লগতে শিশু যতন গৃহসমূহত কৰ্মৰত লোকক অতি শীঘ্ৰে প্ৰতিষেধক প্ৰদানৰ ওপৰত তেখেতে গুৰুত্ব দিয়ে । স্বাস্থ্য বিভাগক চাহ বাগিছাসমূহত প্ৰতিষেধক প্ৰদান খৰতকীয়া কৰিবলৈয়ো কয় । “আপোনালোকে প্ৰতিষেধক প্ৰদানৰ বাবে সুনিৰ্দিষ্ট পৰিকল্পনা যুগুত কৰাটো প্ৰযোজনীয় । পোণপ্ৰথমে ৰোগবিধত সহজে আক্ৰান্ত হব পৰা লোকসকলক বিভক্ত কৰি তেওঁলোকক প্ৰতিষেধক প্ৰদানৰ ব্যবস্থা কৰক । অঙ্গণাবাদী পৰিচালিকা আৰু কৰ্মীৰ দৰে জনসাধাৰণৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা লোকসকলক প্ৰাধাণ্য দিয়া উচিত , অন্যথা ৰোগবিধ সহজে বিয়পি পৰিব”, শ্ৰী বৰুৱাই কয় । যিহেতু , বিশ্বনাথ জিলাত আই চি ইউ নাই , সেয়েহে বিভিন্ন ৰোগত ভোগা কোভিড ৰোগীক এতিয়াৰে পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ স্বাস্থ্য বিভাগক মুখ্য সচিব গৰাকীয়ে নিৰ্দেশ দিয়ে , যাতে সময়ৰ অপব্যয় নোহোৱাকৈ ৰোগীক উন্নত চিকিৎসা প্ৰদান কৰিব পৰা যায় । ৫০ উৰ্দ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত প্ৰতিষ্ঠানিক কোৱাৰেণ্টাইনৰ ব্যবস্থা কৰিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । কোভিড পৰীক্ষণৰ ক্ষেত্ৰত জিলাখনত আৰ টি পী ছী আৰ পৰীক্ষা বৃদ্ধি কৰিবলৈ শ্ৰী বৰুৱাই স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে । জিলাখনলৈ ৰে’ল যোগে অহা যাত্ৰীসকলকো বাধ্যতামূলক ভাৱে ক’ভিড পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়ে । বিষয়া গৰাকীয়ে জিলাখনৰ চিকিৎসালয় আৰু কোভিড যতন কেন্দ্ৰসমূহত বিছনা আৰু অক্সিজেন চিলিন্দাৰৰ উপলভ্যতাৰো খবৰ লয় । গুৱাহাটীৰ সৰুসজাই খেল পথাৰত সদ্যহতে মুকলি কৰা ৩০০ বিছনাযুক্ত কোভিড চিকিৎসা কেন্দ্ৰ উল্লেখ কৰি মুখ্য সচিবগৰাকীয়ে কয় যে , ৰাজ্য চৰকাৰ কোভিডৰ তৃতীয় ঢৌ প্ৰতিহত কৰিবৰ বাবে আন্ত:গাঠনি নিৰ্মাণেৰে সাজু হৈছে।জিলাখনৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰি সাহায্য শিৱিৰত সামাজিক দূৰীকৰণ মানি চলাতো নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে আৰু প্ৰয়োজন হ’লে কোভিডৰ পৰিপ্ৰেক্ষিতত বেছি পৰিমাণে সাহায্য শিৱিৰ মুকলি কৰিবলৈ কয় । বানাক্ৰান্ত লোকে যাতে প্ৰয়োজনীয় সাহায্য পায় , সেইটোও নিশ্চিত কৰিব লাগে বুলিও তেখেতে উল্লেখ কৰে । আজিৰ সভাত বিশ্বনাথৰ উপাযুক্ত শ্ৰীযুত প্ৰণৱ কুমাৰ শৰ্মা , আৰক্ষী অধীক্ষক শ্ৰীযুত ৰিপুল দাস্,গহপুৰৰ মহকুমাধিপতি শ্ৰীযুত আদিত্য বিক্ৰম যাদৱ্,অতিৰিক্ত উপাযুক্তসকল আৰু প্ৰশাসন,স্বাস্থ্য,জল সম্পদ আৰু দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here