কণমানি শিশুৰ পিতৃ তথা চৰকাৰী চাকৰিয়ালে পুনৰ দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আবদ্ধ , গ্ৰেপ্তাৰ আৰক্ষীৰ হাতত

0
15

কণমানি শিশুৰ পিতৃ তথা চৰকাৰী চাকৰিয়ালে পুনৰ দ্বিতীয় বাৰৰ বাবে বিবাহ পাশত আবদ্ধ , গ্ৰেপ্তাৰ আৰক্ষীৰ হাতত

দুৰ্নীতিৰ দৰ্পণ সেৱা , ধুবুৰী , ১২ এপ্ৰিলঃ দক্ষিণ শালমাৰাত অৱস্থিত চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সহকাৰী সহায়ক মহিদুল ইছলাম চৌধুৰীয়ে বিগত প্ৰায় ছয় বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হয় । ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমিপৰ সূৰ্য্যখাতাৰ বাসিন্দা মহিদুল ইছলাম চৌধুৰীয়ে বিগত প্ৰায় ছয় বছৰ পূৰ্বে ধুবুৰীৰ ঝাগৰাৰপাৰৰ সৰ্গীয় মইনুল হুচেইনৰ কন্যা মুছলিমা বেগমৰ সৈতে সামাজিক নিয়ম অনুযায়ী বিবাহ পাশত আবদ্ধ হৈছিল । বিবাহ জীৱনৰ সাক্ষী হিচাপে কণমানি তিনি বছৰীয়া শিশু সন্তান এটিও আছে । পাছত কিছুদিন ধৰি স্বামী মহিদুল ইছলাম চৌধুৰীয়ে নিজৰ পত্নীক শাৰীৰিক নিৰ্য্যাতন চলায় । ইয়াতে ক্ষান্ত নাথাকি চৌধুৰীয়ে পুনৰ বিবাহ পাশত আবদ্ধ হয় । অত্যাচাৰত অতিষ্ঠ হৈ মুছলিমাই ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে । 487/2021 নং গোচৰ মৰ্মে ভাৰতীয় 498 (a), 494 , 417 ধাৰা মতে ধুবুৰী আৰক্ষীয়ে মহিদুল ইছলাম চৌধুৰীক গ্ৰেপ্তাৰ কৰে । পাছত আৰক্ষীয়ে আজি ধুবুৰী আদালতত হাজিৰ কৰাৰ আদালতে চৰকাৰী কৰ্মচাৰী জনক জেল হাজোতলৈ প্ৰেৰণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here