উচ্ছেদ আৰু সংখ্যালঘু নেতাৰ স্থিতি

0
10

উচ্ছেদ আৰু সংখ্যালঘু নেতাৰ স্থিতি

✍️ শ্বৰীফুল ইছলাম,কয়াকুছি

গৰাখহনীয়াত গৃহহীন হৈ‌ বিভিন্ন চৰকাৰী ভূমিত বসতি স্থাপন কৰা চৰ-চাপৰিবাসী ভাৰতীয় লোকৰ বাবে চৰকাৰে বাসস্থানৰ ব্যৱস্থা কৰি নিদিয়াকৈ উচ্ছেদ কৰা কিমান মানৱীয়? উদ্দেশ্য প্ৰণোদিতভাৱে উচ্ছেদ কৰা চৰ-চাপৰিবাসী সংখালঘু লোকৰ হৈ মাত্ৰ আমছুৰ লগতে দুই এখন দল সংগঠনে মাত মাতিছে যদিও তাৰ স্থিতি অতি দুৰ্বল কিয়? বিৰোধী ৰাজনৈতিক দল এক প্ৰকাৰ নিমাত কিয় ? এই সহজ সৰল সংখ্যালঘু লোকক নিৰ্বাচনৰ সময়ত বিজেপিৰ ভয় দেখুৱাই নিৰ্বাচিত হোৱা একাংশ সংখ্যালঘু বিধায়কে এতিয়া উচ্ছেদিত ভাৰতীয় লোকসকলৰ প্ৰতি নৰম নোহোৱাৰ কাৰণ কি ? এতিয়া প্ৰশ্ন হয়- এই চৰ-চাপৰিবাসী সংখ্যালঘু লোকক কোনোবাই কেৱল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে নেকি ? আমাৰ চৰ-চাপৰিবাসী সংখ্যালঘু ৰাইজৰ এতিয়া আত্মসমালোচনাৰ প্ৰয়োজন হৈ পৰিছে । বিজেপিৰ ভয় দেখুৱাই সংখ্যালঘু লোকৰ ভোটেৰে নিৰ্বাচিত হোৱা নেতাই এই লোকসকলৰ সমস্যাৰ ক্ষেত্ৰত মাত মাতিবলৈ অতি দুৰ্বল কিয় ? যি সময়ত উচ্ছেদিত ভাৰতীয় লোকৰ হৈ মাত মাতিব লাগিছিল , সেই সময়ত কেৱল পেট্ৰল , ডিজেলৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিয়েই দুই এজন সংখ্যালঘু জন প্ৰতিনিধিয়ে সান্তনা লভি আছে । অৱশ্যে দুখৰ দিনত সহায় পোৱাৰ আশাৰে এইসকল নেতাক নিৰ্বাচিত কৰিছিল ৰাইজে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here